/asomiyapratidin/media/media_files/2024/12/07/TAdJWaZAQTdc1xwNacNe.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : চন্দ্ৰ মুদৈৰ পৰিচালনা তথা যতীন্দ্ৰনাথ খনিকৰ আৰু বিপুল কলিতাৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চিনেমা গমন,দ্য লাষ্ট জাৰ্ণিয়ে এক আশাৰ বতৰা কঢ়িয়াইছে। লজ এঞ্জেলছত আয়োজিত 'চেভেন কণ্টিনেণ্টেল এৱাৰ্ডছ' ইণ্টানেছনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিনেমাৰ শিতানত আনুষ্ঠানিক প্ৰৱেশ লাভ কৰিছে।
ইতিমধ্যেই অসমত মুক্তিৰ বাবে সাজু হৈ উঠা এই চিনেমাখনৰ এক বিশেষ দৰ্শনীৰ আয়োজন হৈ যায়। চলচ্চিত্ৰ সমালোচক তথা অন্য দৰ্শকে চিনেমাখন সন্দৰ্ভত ইতিবাচক সহাঁৰি প্ৰদৰ্শন কৰিছে।
অহা ২০২৫ চনৰ ১৪ মাৰ্চত মুক্তি দিবলগীয়া চিনেমাখনত অভিনয় কৰিছে যতীন্দ্ৰনাথ খনিকৰ,দিব্যজ্যোতি দাস,অমৃতা গগৈ,আৰতি কলিতা,ছাজু আহমেদ,অমূল্য কুমাৰ আদিয়ে অভিনয় কৰিছে।
সমাজৰ প্ৰচলিত পৰম্পৰা আৰু আধুনিক বিজ্ঞানৰ অৱদানৰ মাজত জীয়াই থকাৰ এক দণ্ড দেখুওৱা হৈছে চিনেমাখনত।