/asomiyapratidin/media/media_files/2025/02/13/qjwxXaPgStJ7lo2Rx2Lo.png)
ৰে’লৰ পৰা সন্ধানহীন অসমৰ যুৱক
ডিজিটেল সংবাদ, চিৰাং : বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ থকাৰ সময়ত ট্ৰেইনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হয় চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ বিজয়গাঁৱৰ এজন যুৱক । প্ৰাপ্ত খবৰ অনুসৰি বিজয়গাঁৱৰ বাসিন্দা অবিনাশ বৰ্মনৰ পুত্ৰ তথা দুই সন্তানৰ পিতৃ নিৰঞ্জন বৰ্মন (৩০) ওৰফে মিঠুন যোৱা ৯ ফেব্ৰুৱাৰীত চুবুৰীয়া নৱ ৰায়ৰ সৈতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা বাংগালুৰু এক্সপ্ৰেছযোগে বাংগালুৰু মহানগৰত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিবলৈ ওলাই গৈছিল।
কিন্তু ১১ ফেব্ৰুৱাৰীত বাংগালুৰুৰ এছ এম বি টি ষ্টেচন পোৱাৰ আগৰ কৃষ্ণাৰাজাপুৰম নামৰ এটা ষ্টেচনত ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে নিৰঞ্জন। ইফালে নিৰঞ্জন বৰ্মনৰ লগত যোৱা নৱ ৰায়ে ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰা মতে ৰে’লখন কৃষ্ণাৰাজাপুৰম ষ্টেচন পোৱাৰ পিছত তেওঁ শৌচাগাৰত প্ৰৱেশ কৰিছিল ।
/asomiyapratidin/media/media_files/2025/02/13/gEUeHoPgQMrSoObtMWxw.jpg)
ইয়াৰ পিছত শৌচাগাৰৰ পৰা ওলাই আহি বহি থকা আসনত নিৰঞ্জন বৰ্মনক দেখা নেপাই অন্যান্য যাত্ৰীসকলক সোধা-পোছা কৰাত তেওঁলোকে জানিবলৈ দিয়ে যে যুৱকজন ৰে’ল ষ্টেচনৰ পৰা এৰি দিয়াৰ পিছত আসনৰ পৰা উঠি যোৱা দেখিবলৈ পাইছিল।
ইপিনে এই খবৰ লাভ কৰাৰ পিছত নিৰঞ্জন বৰ্মনৰ বিজয়গাঁৱৰ বাসগৃহত এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় । দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে নিজৰ পৰিয়ালৰ পোহপাল দিবলৈ বহিঃৰাজ্যত গৈ এইদৰে সন্ধানহীন হোৱাৰ পিছত দুটি কণকণ পুত্ৰ সন্তানক লৈ পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃ দিশহাৰা হৈ পৰিছে।
পৰিয়ালৰ লোকে বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত বাসুগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰে আৰু কাইলে বাংগালুৰুতো গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিছে ।