/asomiyapratidin/media/media_files/2025/04/27/sBteRg828lnTjCqIics0.png)
ডিজিটেল সংবাদ, কামপুৰ : বহিঃৰাজ্যত দেওবাৰে পুনৰ এজন অসমৰ যুৱকৰ কৰুণ মৃত্যু হয় । প্ৰাপ্ত খবৰ অনুসৰি, হাইদৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত নগাঁও জিলাৰ কামপুৰ চাংচকীৰ পংকজ গোহাঁই নামৰ যুৱকজন কৰ্মৰত অৱস্থাত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰে ।
ইয়াৰ পাছতে তেওঁক চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । যুৱকজনৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত আত্মীয়ই যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । যাৰ বাবে সৰবৰহী যুৱকজনৰ আত্মীয়ই মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক অনুৰোধ জনাইছে ।