নগাঁৱত অসম যোগ সংস্থাৰ বিশেষ অনুষ্ঠান সম্পন্ন

অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, কাৰ্যালয় সম্পাদক নিজৰা বৰা, কাৰিকৰী সঞ্চালক বিচিত্ৰ ৰঞ্জন বৰা, অসম যোগ বিজ্ঞান মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুদীপ্তা ডেকা আদিয়ে ভাগ লয় ৷

author-image
Asomiya Pratidin
New Update
ংমন

ডিজিটেল সংবাদ,বঢ়মপুৰ:  নেহৰু যুৱ কেন্দ্ৰ ( এন ৱাই কে ), নগাঁৱৰ সভাকক্ষত আজি অনুষ্ঠিত এক বিশেষ সভাত অসম যোগ সংস্থাৰ বিষয়ববীয়াসকলৰ সৈতে বজালী জিলা যোগ সন্থাৰ নৱগঠিত সমিতিৰ এক মত-বিনিময় অনুষ্ঠান সম্পন্ন হয় ৷

অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰাৰ পৰিচালনাত অনুষ্ঠিত বিশেষ সভাখনত বজালী জিলা যোগ সংস্থাৰ উপদেষ্টা জ্যোতিষ শৰ্মা, সম্পাদিকা ভীভা কলিতা, কোষাধ্যক্ষ সন্তোষ শৰ্মা, সহকাৰী সম্পাদক বিমলা বৰকটকী আৰু সদস্যা অঞ্জনা কলিতাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰা হয়৷

অনুষ্ঠানটোত অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, কাৰ্যালয় সম্পাদক নিজৰা বৰা, কাৰিকৰী সঞ্চালক বিচিত্ৰ ৰঞ্জন বৰা, অসম যোগ বিজ্ঞান মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুদীপ্তা ডেকা আদিয়ে ভাগ লয় ৷ সেই অনুষ্ঠানত সমাজকৰ্মী অজয় কুমাৰ মাহাতু আৰু পুষ্পাঞ্জলী বৰাও উপস্থিত থাকে ৷

তদুপৰি যোগ ফেডাৰেচন অব ইণ্ডিয়াৰ উপ সভাপতিৰূপে শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ বাবে প্ৰভাত চন্দ্ৰ বৰাক এই সভাতে বিশেষভাৱে সম্বৰ্ধনা আগবঢ়োৱা হয় ৷ আজিৰ অনুষ্ঠানতে অসম যোগ সংস্থাৰ সহযোগত বজালী জিলা যোগ সন্থাই অহা ২২ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ পাঠশালা হৰিমন্দিৰত আয়োজন কৰা যোগ ক্ৰীড়াৰ প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে।

লগতে আগন্তুক আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বিষয়তো আলোচনা কৰা হয় ৷ বজালীত যোগ ক্ৰীড়াৰ ব্যাপক প্ৰসাৰৰ বাবে ল’বলগীয়া বিভিন্ন পদক্ষেপসমূহৰ ওপৰত সভাত বিশদভাৱে আলোচনা হোৱাৰ লগতে সাংগঠনিক দিশকে ধৰি বিভিন্ন বিষয়তো মত-বিনিময় কৰা হয়৷

বঢ়মপুৰ