ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা, ফুইলাও শিৱৰ পদক নিশ্চিতঃ এই পৰ্যন্ত অসমৰ দখলত ২১ টা পদক...

NATIONAL GAMES
NATIONAL GAMES

ডিজিটেল ডেস্কঃ গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত দেওবাৰৰ দিনটোতে অসমৰ বক্সাৰ সকলে কঢ়িয়াই আনিলে কেইবাটাও ভাল খবৰ। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই, ফুইলাও বসুমতাৰী, শিৱ থাপাই দেওবাৰৰ দিনটোত অসমবাসীক দিলে ভাল খবৰ।

প্ৰতিযোগিতাখনত তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে দেওবাৰে কোৱাৰ্টাৰ ফাইনেল মেচত কেৰালাৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। একেদৰে অসমৰ আন এগৰাকী মহিলা বক্সাৰ ফুইলাও বসুমতাৰীয়েও হিমাচল প্ৰদেশৰ ডিম্পল উপাধ্যায়ক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে।

একেদৰে অৰ্জুন শিৱ থাপাও ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে দেওবাৰৰ দিনটোতে অসমৰ উশ্বু খেলুৱৈসকলেও কেইবাটাও সফলতা লাভ কৰিছে। দিনটোত অসমৰ উশ্বু খেলুৱৈসকলে ৩ টা পদক লাভ কৰিছে।

উশ্বুত পদক লাভ কৰা এই খেলুৱৈসকল ক্ৰমে চানমা ব্ৰহ্ম (ৰূপ) ৰংগিলা দৈমাৰী (ব্ৰঞ্জ) আৰু সঞ্জীৱ কুমাৰ সিং (ব্ৰঞ্জ) । উল্লেখ্য যে অসমে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ৭ টা সোণ, ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ সৈতে মুঠ ২১ পদকৰ সৈতে পদক তালিকাৰ চতুৰ্দশ স্থানত আছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in