ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈৰ সাফল্য

ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈৰ সাফল্য

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈৰ সাফল্য

ডিজিটেল সংবাদ, লামডিংঃ অসম বাসীৰ লগতে লামডিং লৈ গৌৰৱ কঢ়িয়াই আনিলে লামডিঙৰ ৫গৰাকী খেলুৱৈয়ে। ২১ জুলাইৰ পৰা ২৬ জুলাই লৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত লামডিঙৰ ৫গৰাকী কৈ জীয়ৰীয়ে অংশগ্ৰহণ কৰি সোণৰ পদক জয় কৰাৰ লগতে ৰূপৰ আৰু ব্ৰঞ্জ পদক অৰ্জন কৰি অসমৰ লগতে লামডিঙলৈ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে ৷

Advertisment

মধ্যপ্ৰদেশ পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ উদ্যোগত আয়োজন হোৱা এই প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰাৰ লগতে অসমৰো কেইবাগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ মাজতে লামডিং পৰা বেবী সাহা, সুমিতা বিশ্বাস , লিপি দে, তয়াময় মিত্ৰ , মাজনী বেগম দে আৰু উপ জুনিয়ৰ বিভাগত অংকিতা ধৰকে ধৰি মুঠ ৬গৰাকী প্ৰতিযোগীয়ে খেল প্ৰদৰ্শন কৰিছিল।

এই প্ৰতিযোগিতাত লামডিং বেবী চাহাই সোণৰ পদক লাভ কৰাৰ লগতে সুমিতা বিশ্বাস, লিপি দে, মাজনী বেগম দে'য়ে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে উপ জুনিয়ৰ বিভাগৰ অংকিতা ধৰে ব্ৰঞ্জৰ পদক লাভ কৰি লামডিং লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আনফালে মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমে দ্বিতীয় স্থান দখল কৰে। উল্লেযোগ্য যে এই ছগৰাকী প্ৰতিযোগীয়ে লামডিং লিঅ'পাৰ্দ ইউনিছেস্ক জিমত শৰীৰ চৰ্চা আৰু পাৱাৰ লিফটিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Also Read: পেৰিছ অলিম্পিকত ভাৰতৰ আশাপ্ৰদ আৰম্ভণি: এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ মনু ভাকেৰ

power lifting