পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সন্তৰণবিদঃ ২ টা সোণসহ ৭ টা পদক দখল...

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সন্তৰণবিদঃ ২ টা সোণসহ ৭ টা পদক দখল...

author-image
Asomiya Pratidin
New Update
পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সন্তৰণবিদঃ ২ টা সোণসহ ৭ টা পদক দখল...

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সন্তৰণবিদঃ ২ টা সোণসহ ৭ টা পদক দখল...

ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ খেলুৱৈ। ৰাষ্ট্ৰীয় অপেন ৰেংকিং প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ প্ৰদৰ্শন। ২ টা সোণৰ পদকসহ লাভ কৰিছে মুঠ ৭ টা পদক।

Advertisment

হায়দৰাবাদৰ তেলেংগানাত অনুষ্ঠিত হোৱা প্ৰথম এছ এফ আই ৰাষ্ট্ৰীয় ৰেংকিং সাঁতোৰ প্ৰতিযোগিতাত অসমৰ মুঠ ২৮ গৰাকী সন্তৰণবিদে অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰিছে। ২০ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত অসমৰ এই প্ৰদৰ্শনত উৎফুল্লিত হৈছে অসমৰ সাঁতোৰৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি।

উল্লেখ্য যে, তেলেংগানাৰ গাচিবাউলি ষ্টেডিয়াম ছুইমিং পুল কমপ্লেক্সত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত অসম দলটোৱে মুঠ ৭ টা পদক লাভ কৰিছে। এই ৭ টা পদকৰ ভিতৰত আছে ২ টা সোণ, ৪ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক।

শুকুৰবাৰে অন্তিম দিনাৰ খেলত অসমে অৰ্জন কৰিছে ৩ টা পদক । অসমৰ সন্তৰণবিদ আস্থা চৌধুৰী, জাহ্নৱী কাশ্যপ আৰু বিক্ৰম চাংমায়ে লাভ কৰিছে অন্তিম দিনত এই পদক।

মহিলাৰ ১০০ মিটাৰ বাটাৰ ফ্লাইত আস্থা চৌধুৰীয়ে লাভ কৰিছে সোণৰ পদক। এই ইভেন্টত আস্থাৰ টাইমিং আছিল ১.০৩:৮৩ ছেকেণ্ড । সেইদৰে, পুৰুষৰ বিক্ৰম চাংমাইয়ে ১০০ মিটাৰ বাটাৰ ফ্লাইত জয় কৰিছে সোণৰ পদক। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ এই ইভেন্টত টাইমিং আছিল ৫৬:৫৬ ছেকেণ্ড ।

আনহাতে মহিলাৰ ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ দখল কৰিছে অসমৰ জাহ্নৱী কাশ্যপে। জাহ্নৱীৰ টাইমিং আছিল ১:০৬:৬১ ছেকেণ্ড । জাহ্নৱী কাশ্যপৰ এই প্ৰতিযোগিতাত এয়া তৃতীয়টো সফলতা ।

ইয়াৰ পূৰ্বে জাহ্নৱীয়ে মহিলাৰ ৫০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ আৰু ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ দখল কৰিছিল। উল্লেখ্য যে, এইসকল খেলুৱৈৰ উপৰি এই ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাত অসমৰ লাভলীন দাসে মহিলাৰ ২০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপ, পুৰুষৰ ২০০ মিটাৰত জনঞ্জয় জ্যোতি হাজৰিকাই ৰূপ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

পদকজয়ী আস্থা চৌধুৰী আৰু বিক্ৰম চাংমাইক বাদ দি বাকীসকল সন্তৰণবিদসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে অসম ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে । পদকজয়ী অসম দলটোক শুভেচ্ছা জ্ঞাপন কৰিলে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে ।

ক্লিক কৰি পঢ়কঃ অখ্যাত বলাৰে এটা অভাৰতে খহাই দিছিল বিশ্ব ক্ৰিকেটৰ বেষ্ট বেটিং লাইনআপ...

অসম