/asomiyapratidin/media/media_files/2026/01/09/new-ap-web-3-1-2026-01-09-21-35-54.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছে। ৰাজ্যিক কেবিনেটৰ শেহতীয়া বৈঠকত কেইবাটাও জনহিতকৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সিদ্ধান্তসমূহৰ বিষয়ে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ১৭ আৰু ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিস্তৃত সূচীও ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ১৭ জানুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ’ব। সেইদিনাই তেওঁ দেশৰ প্ৰথমখন 'বন্দে ভাৰত শ্লীপাৰ ৰে’ল' আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই উন্নত মানৰ ৰে’লখন কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব।
ইয়াৰ উপৰি ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে অসমবাসীক আৰু দুখনকৈ নতুন ৰে’ল উপহাৰ দিব। এই ৰে’ল দুখন ক্ৰমে ডিব্ৰুগড়-গুমটি আৰু গুৱাহাটী-ৰৌতাৰ মাজত চলিব। ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে কলিয়াবৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।
একেদিনাই তেওঁ কাজিৰঙাৰ বহু প্ৰত্যাশিত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। বিশেষভাৱে উল্লেখ্য যে, এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বড়ো সংস্কৃতিৰ গৌৰৱ বাগৰুম্বা নৃত্যও উপভোগ কৰিব।
তাৰোপৰি অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে চৰকাৰে ‘এটি কলি দুটি পাত’ নামৰ এখন নতুন আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ শ্ৰমিকসকলে এককালীন ৫০০০ টকাৰ আৰ্থিক অনুদান লাভ কৰিব।
২৫ জানুৱাৰীত ডুমডুমাৰ পৰা মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিব আৰু ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো হিতাধিকাৰীক এই ধন বিতৰণ কৰা হ’ব। কেবিনেটৰ অন্য এক সিদ্ধান্ত হৈছে, বড়ো সাহিত্য চৰ্চাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে গুৱাহাটীৰ বেতকুছিত বড়ো সাহিত্য সভাৰ বাবে ১ বিঘা মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আৰু চৰকাৰী আঁচনিসমূহে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ লগতে চাহ শ্ৰমিক আৰু শৈক্ষিক সমাজৰ উন্নয়নত বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us