Advertisment

অসমৰ বিৰুদ্ধে বৃহৎ স্ক’ৰ সৌৰাষ্ট্ৰৰ : হাৰ্ভিক দেশাইৰ অনবদ্য শতক

ঘৰৰ মাটিত খেলিবলৈ পোৱা সুযোগৰ সদ্ব্যৱহাৰ কৰিছে সৌৰাষ্ট্ৰই। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জী ট্ৰফীৰ গুৰুত্বপূৰ্ণ এখন মেচত অসমৰ বিৰুদ্ধে বৃহৎ স্ক’ৰ থিয় কৰাইছে ঘৰুৱা দলটোৱে

author-image
Asomiya Pratidin
New Update
assam vs saurashtra

assam vs saurashtra

ডিজিটেল ডেস্ক : ঘৰৰ মাটিত খেলিবলৈ পোৱা সুযোগৰ সদ্ব্যৱহাৰ কৰিছে সৌৰাষ্ট্ৰই। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জী ট্ৰফীৰ গুৰুত্বপূৰ্ণ এখন মেচত অসমৰ বিৰুদ্ধে বৃহৎ স্ক’ৰ থিয় কৰাইছে ঘৰুৱা দলটোৱে। 

Advertisment

আলহী দল অসমৰ দুৰ্বল বলিঙৰ সুযোগ লৈ সৌৰাষ্ট্ৰই প্ৰথম দিনৰ অন্তত সংগ্ৰহ কৰে ৩৬১ ৰান। মাত্ৰ ৩টা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰা এই ৰানৰ মূলতে হাৰ্ভিক দেশাইৰ অনবদ্য শতক আৰু চিৰাগ জনীৰ অৰ্ধশতক। 

দুয়োগৰাকী বেটাৰে ধৈৰ্যসহকাৰে খেলি এই বৰঙণি আগবঢ়ায়। অৱশ্যে ইয়াৰ পাছতে বেটিং কৰিবলৈ অহা ছেলণ্ডন জেকছনে ৪৮ ৰান কৰি ৰিয়াগ পৰাগৰ হাতত চিকাৰ হয়।

ইফালে অসমৰ হৈ ৰাহুল সিং, মুখতাৰ হুছেইন আৰু দীৰ্ঘ দিনৰ মূৰত প্ৰত্যাৱৰ্তন কৰা ৰিয়ান পৰাগে লাভ কৰে এটাকৈ উইকেট।

riyan parag ranji trophy