/asomiyapratidin/media/media_files/2025/02/17/nX7PbRLwtGlUoyNSpP1x.jpg)
দুদিনীয়াকৈ আৰম্ভ অসম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ
ডিজিটেল সংবাদ, শিলচৰ : দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ। বৰাক উপত্যকা তথা দক্ষিণ অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অসম বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় বিশ্ববিদ্যালয়খনৰ নেতাজী সুভাষ মঞ্চ প্ৰেক্ষাগৃহত ।
/asomiyapratidin/media/media_files/2025/02/17/3dT23O1ZAR67YbMqsmr2.jpg)
আৰ্মি মেডিকেল চাৰ্ভিচৰ ডিৰেক্টৰ জেনেৰেল তথা ছিনিৰ কলোনেল কমাণ্ডাৰ লেফটেনেন্ট জেনেৰেল সাধনা এচ নায়েৰে মুখ্য অতিথি হিচাপে দীক্ষান্ত সমাৰোহৰ কাৰ্য্যসূচীত উপস্থিত থাকে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্চেল কৰে পি নায়ৰ। দীক্ষান্ত সমাৰোহত অসম বিশ্ববিদ্যালয়ৰ ২০২২-২৩ আৰু ২০২৩-২৪ শিক্ষাবৰ্ষত কলা, বিজ্ঞান, বাণিজ্য আৰু মেনেজমেণ্ট শাখাৰ স্নাতক, স্নাতকোত্তৰ, ডক্টৰেট ডিগ্ৰীধাৰীৰ লগতে ৮৭ গৰাকী পি এইছ ডি, ৬ গৰাকীলৈ এম ফিল আৰু এগৰাকীক 'ডি' লিট ডিগ্ৰী আৰু সোণৰ পদক প্ৰদান কৰা হয়।
সৰ্বমুঠ ৬,৬৫০ গৰাকী বিদ্যাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। বিভিন্ন বিষয়ত উন্নত ফল প্ৰদৰ্শন কৰা মুঠ ১৫ গৰাকী বিদ্যাৰ্থীক সোণৰ পদক আৰু ২৮ গৰাকীক মেৰিট পুৰস্কাৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/media_files/2025/02/17/WqIrf2ktyrEMs2TxIQ5c.jpg)
সোণৰ পদক আৰু ডিগ্ৰী লাভৰ মানপত্ৰ প্ৰদান কৰে মুখ্য অতিথি সাধনা এচ নায়েৰ, সন্মানীয় অতিথি অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্চেল পি নায়েৰ আৰু অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ৰাজীৱ মোহন পন্টে। অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলৰ উদ্দেশ্যে ভাষণ দি মুখ্য অতিথি সাধনা এচ নায়েৰ আৰু সন্মানীয় অতিথি পি নায়েৰে দেশ আৰু সমাজৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনায়।
লগতে যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ভয়ংকৰ ড্ৰাগছ আৰু মদৰ পৰা দূৰৈত থাকিবলৈ ছাত্ৰ -ছাত্ৰীসকলক আহ্বান জনাই মুখ্য অতিথি সাধনা এচ নায়েৰে। ইয়াৰ উপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এক উচ্চ স্থান দখল কৰা বুলিও মন্তব্য কৰে মুখ্য অতিথিগৰাকীয়ে।