Advertisment

অসম বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা...

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা। বিশ্ববিদ্যালয়খনৰ আইন বিভাগত ১৪ বছৰীয়া এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে বিভাগটোৰ ফাৰুক আহমেদ

author-image
Asomiya Pratidin
New Update
অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা

অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা Photograph: (অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা)

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা। বিশ্ববিদ্যালয়খনৰ আইন বিভাগত ১৪ বছৰীয়া এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে বিভাগটোৰ ফাৰুক আহমেদ নামৰ এক কৰ্মীৰ বিৰুদ্ধে ৷ অভিযোগ মতে, নাবালিকা গৰাকী আইন বিভাগৰ তেওঁৰ এক আত্মীয় কৰ্মীৰ লগত বিশ্ববিদ্যালয়ত গৈছিল।

Advertisment

আত্মীয় কৰ্মী গৰাকী আইন বিভাগত নাবালিকাক ৰাখি কিবা কামত বাহিৰলৈ গৈছিল। আৰু সেই সুযোগত আইন বিভাগৰ ফাৰুক আহমেদ নামৰ এজন কৰ্মীয়ে নাবালিকাক ফুচুলাই বিভাগটোৰ এটা কক্ষত লৈ যায় । আৰু তাতে নাবালিকা গৰাকীৰ যৌন নিৰ্যাতন চলায় ফাৰুক আহমেদ নামৰ কৰ্মী জনে ।

এই ঘটনা পোহৰলৈ অহাৰ পাছত নাবালিকা গৰাকীৰ পৰিয়ালে বিশ্ববিদ্যালয় আৰক্ষী চকীত ফাৰুক আহমেদৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ । গোচৰ ৰুজুৰ পাছত আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ বৰ্তমান অভিযুক্ত ফাৰুক আহমেদ পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। 

ইপিনে আইন বিভাগৰ কৰ্মী ফাৰুক আহমেদৰ বিৰুদ্ধে গুৰুতৰ এই অভিযোগ উত্থাপন হোৱাৰ পাছত তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ঘটনাক লৈ শিলচৰ অসম বিশ্ববিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে। 

অসম বিশ্ববিদ্যালয়