টিৰাপ ট্ৰাইবেল বেল্টত বিশেষ মৰ্যাদা প্ৰদানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ট্ৰাইবেল সংঘ

ৰাজ্য চৰকাৰে ৭ জনগোষ্ঠীক টিৰাপ ট্ৰাইবেল বেল্টৰ বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ট্ৰাইবেল সংঘ।

author-image
Asomiya Pratidin
New Update
fddddsdwqesdwq

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্য চৰকাৰে ৭ জনগোষ্ঠীক টিৰাপ ট্ৰাইবেল বেল্টৰ বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ট্ৰাইবেল সংঘ। বিষয়টোৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে সঙ্ঘৰ চিলাপথাৰ জিলা ইউনিটে সম্বোধন কৰিলে এক সংবাদমেল। 

Advertisment

বৃহস্পতিবাৰে চিলাপথাৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত চৰকাৰক এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰা বাবে দাবী জনায়। অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিয়ে ট্ৰাইবেল সংঘই। 

ddddddddddddddd

উল্লেখ্য যে, বিগত ১৮ আগষ্টত ৰাজ্য চৰকাৰে আহোম, মৰাণ, মটক, ৰাজবংশী, চুতীয়াৰ লগতে গোৰ্খা সকলক ধৰি টিৰাপ ট্ৰাইবেল বেল্টত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ অধিসূচনা জাৰি কৰিছিল। ট্ৰাইবেল সংঘৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ বিশেষ  মৰ্যাদা প্ৰদানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ট্ৰাইবেল সংঘ।

চিলাপথাৰ