Advertisment

৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ যোগাসন প্ৰতিযোগিতাৰ বাবে অসম দলৰ বাচনি শিবিৰ সম্পন্ন

শনিবাৰে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ১৪ বছৰ অনুৰ্ধ, ১৭ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ (ল'ৰা আৰু ছোৱালী)ৰ বাবে বাছনি শিবিৰ অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
s fk

ডিজিটেল সংবাদ ,বঢ়মপুৰ : ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু ৰাজ্যিক যোগ কেন্দ্ৰ নিৰ্বাণ নগাঁও (নেহৰু যুৱ কেন্দ্ৰ, নগাঁও)ৰ সহযোগত শনিবাৰে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ১৪ বছৰ অনুৰ্ধ, ১৭ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ (ল'ৰা আৰু ছোৱালী)ৰ বাবে বাছনি শিবিৰ অনুষ্ঠিত হৈ যায়। শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত শিবিৰটো পুৱা ৮ বজাত আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী বিজু শইকীয়াই আৰু অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ কৃষ্ণ কুমাৰ বৰাই ।

Advertisment

 

উক্ত বাছনি শিবিৰটোৰ ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক বিজয়ী তথা ২০২২ - ২৩ বৰ্ষৰ  ৰাষ্ট্ৰীয় স্কুল গেমছৰ ১৯ বছৰ অনুৰ্ধৰ ছোৱালী শাখাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা উদিতা ৰাণী বৰা, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা হৰ্জিত সিঙৰ অংশগ্ৰহণ তথা উপস্থিতিয়ে আন খেলুৱৈসকলক উৎসাহিত কৰে। অহা ১৬ ডিচেম্বৰত তামিলনাডুৰ কৈম্বাটোৰত অনুষ্ঠিত হ'ব লগা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৪ বছৰৰ অনুৰ্ধৰ বাছনিভুক্ত হোৱা ল'ৰাৰ দলটোৰ খেলুৱৈসকল হ'ল আৰিহান চক্ৰৱৰ্ত্তী, ৰূপান্তৰ প্লাৱন বৰুৱা, অঙ্গৰাগ প্ৰীতম, ময়ুৰ মণ্ডল, এম ৱাকিব ৰাজবি বুলি শিবিৰটোৰ সমন্বয়ক যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই জনাইছে।

bahrampur