/asomiyapratidin/media/media_files/2025/01/19/UcdZZgUzNJYzLR75oa8o.jpg)
অফিচিয়েল কিট মুকলি
ডিজিটেল ডেস্ক : উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। এই মেগা প্ৰতিযোগিতাৰ বাবে সাজু হৈ উঠিছে অসম দল। এই মেগা প্ৰতিযোগিতাখনত অংশ ল’ব লগা ঘৰুৱা দলটোক দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী নন্দিতা গাৰ্লোচা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/01/19/IggE9Gig6KHGnm2ChTEW.jpg)
তাৰোপৰি উক্ত অনুষ্ঠানতে অসম দলৰ অফিচিয়েল কিট মুকলি কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰীসকলৰ উপৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ উপস্থিতি থাকি খেলুৱৈসকলক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/01/19/iUJmReZHh95AWHrBtsxS.jpg)
কিট মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে অসম- ক্ৰীড়া প্ৰতিভাৰ এক উদীয়মান শক্তিক্ষেত্ৰ। আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে অদম্য মনোবল তথা উজ্জীৱিত প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি দৃঢ় বিশ্বাসী। লগতে শৃংখলাবদ্ধতা, উৎসৰ্গিত মনোভাব আৰু একাগ্ৰতাৰে সৰ্বোচ্চ উজাৰি খেলিবলৈ খেলুৱৈসকলক আন্তৰিকতাৰে আহ্বান জনাই সোণোৱালে।