বকোৰ আপাৰ তাৰাবাৰীত উত্তেজনা,অসমৰ সমৰ্থকক মেঘালয়ৰ সমৰ্থকৰ প্ৰহাৰ...

২৪ জন লোকৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
বকোৰ আপাৰ তাৰাবাৰীত উত্তেজনা,অসমৰ সমৰ্থকক মেঘালয়ৰ সমৰ্থকৰ প্ৰহাৰ...

Beating

ডিজিটেল সংবাদ,ছমৰীয়াঃ অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকোৰ আপাৰ তাৰাবাৰীত পুনৰ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ। অসমৰ এজন সমৰ্থকক অসম বিদ্বেষী সমৰ্থকৰ প্ৰহাৰ। মেঘালয়ৰ সমৰ্থকৰ হাতত প্ৰহৃত হয় স্বপন চাংমা নামৰ এজন লোক। প্ৰাপ্ত তথ্য মতে অসম চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউল গ্ৰহণ কৰাৰ বাবে প্ৰহাৰ কৰে অসমৰ সমৰ্থক গৰাকীক।

Advertisment

স্বপন চাংমাৰ কাণত আঘাতৰ চিন স্পষ্ট। সমগ্ৰ ঘটনা সন্দৰ্ভত অসম বিদ্বেষী মেঘালয় সমৰ্থক ২৪ গৰাকীৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে স্বপন চাংমা আৰু পত্নী যুলটা মাৰাকে।

কিমান দিনলৈ চলিব অসমৰ ভূমিত মেঘালয় সমৰ্থকৰ অতপালি। উল্লেখ্য যে পূৰ্বেও অসমৰ একাংশ লোকক খেদি পঠিয়াইছিল মেঘালয়ৰ সমৰ্থক তথা অসম বিদ্বেষী সকলে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও বকোৰ আপাৰ তাৰাবাৰীত অব্যাহত আছে তীব্ৰ উত্তেজনা।

assam Assam police meghalaya