
ডিজিটেল সংবাদ,জাগীৰোডঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অধিৱেশন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জাগীৰোড শাখা সমিতিৰ আতিথ্যত অনুষ্ঠিত হৈছে এই পূর্ণাংগ অধিৱেশন।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ পুৱা মূল দ্বাৰ উদঘাটনেৰে আৰম্ভ হ'বলগা অধিবেশনখনিৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্রতিযোগিতা অনুষ্ঠিত হয় ৷ আলোচনা-চক্র আৰু সম্বৰ্দ্ধনা লগতে আজি সন্ধিয়ালৈ কেন্দ্ৰীয় সমিতিৰ অন্তিম খন কাৰ্যনিৰ্বাহ সভাৰ লগতে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব বুলি জনায় ৷