ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত নিৰ্মীয়মান অৱস্থাত থকা অসম চৰকাৰৰ অন্যতম ব্যয়বহুল প্ৰকল্প অসম দক্ষতা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে। শুকুৰবাৰে প্ৰকল্পস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ২০২৫ৰ জুলাইৰ ভিতৰত অসম দক্ষতা বিশ্ববিদ্যালয় কাৰ্য্যক্ষম হোৱাৰ আশ্বাস দিয়ে।
উল্লেখযোগ্য যে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিয়েই বিশ্ববিদ্যালয়ৰখনৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী ফুকনে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বিষয়াসকলৰ লগতে দৰং জিলা প্ৰশাসকৰ সৈতে এক আলোচনাত মিলিত হয়।
আনহাতে আজিৰ এই ভ্ৰমণকালতে মন্ত্ৰীগৰাকীয়ে মঙলদৈৰ নিৰ্মীয়মান বাইপাচ ৰাষ্ট্ৰীয় ঘাইপথ আৰু মঙলদৈ বিজুলী ভৱন পৰিদৰ্শন কৰে।