গুৱাহাটীৰ সাংবাদিকসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত বিশেষ অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ সাংবাদিকসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত বিশেষ অনুষ্ঠান...

national press dAY

ডিজিটেল ডেস্কঃ আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰৰ সাংবাদিকৰ বাবে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিজিটেল মিডিয়াৰ আগ্ৰাসন আৰু ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীসকলে সাংবাদিকসকলৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি, ক্ষতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হ'ব এই অনুষ্ঠানত।

Advertisment

ইয়াৰোপৰি এই অনুষ্ঠানতে সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলত সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কেও আলোচনা কৰা হ'ব। তদুপলক্ষে ইণ্ডিয়ান জ'ৰ্নালিষ্ট সংঘৰ দ্বাৰা সংযুক্ত হ'বলগীয়া প্ৰস্তাৱিত অসম সাংবাদিক সংঘৰ বেনাৰত সংবাদ মাধ্যমৰ লোকসকলক অহা ১৬ নৱেম্বৰত উজান বজাৰস্থিত হোটেল ব্লু মুনত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে এই অনুষ্ঠান আছাম এক্সপ্ৰেছ কাকতৰ প্ৰকাশক দীপক গোহাঁইয়ে আয়োজন কৰিছে।

NATIONAL PRESS DAY guwahati