অসম বিজ্ঞান সমিতিৰ অধিবেশনত অংশগ্ৰহণৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৩দিনৰ ছুটী

৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ ঢকুৱাখনা নগৰত অনুষ্ঠিত হ'ব লগা এই ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটীৰ মঞ্জুৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা:  অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক কেন্দ্ৰীয় অধিবেশন ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ ঢকুৱাখনা নগৰত অনুষ্ঠিত হ'ব লগা এই ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটীৰ মঞ্জুৰ কৰিছে।

Advertisment

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সঞ্চালক বুবুল লেখাৰুৰ ২২০৬৮২/৭৬ নম্বৰৰ নিৰ্দেশনা যোগে ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী অসম বিজ্ঞান সমিতিৰ সদস্য সেইসকল কৰ্মচাৰীক চৰকাৰী আকস্মিক ছুটী (স্পেচিয়েল কেজুৱেল লিভ) প্ৰদান কৰা বুলি জনাইছে।

ৰাজ্যখনৰ সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ জৰিয়তে এই বিশেষ ছুটী বিজ্ঞান সমিতিৰ সদস্য সকলে উপভোগ কৰিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। উল্লেখযোগ্য যে ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত এই ৫৫সংখ্যক অধিবেশনখন অনুষ্ঠিত হ'ব ।

ঢকুৱাখনা