অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিবেশন বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ বাবে আহ্বান...

অসম সাহিত্য সভাৰ অধিবেশন বটদ্ৰৱালৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত নগাঁও জিলাৰ ২ টাকৈ শাখা সাহিত্য সভাৰ

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিবেশন বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ বাবে আহ্বান...

Assam Sahitya Sabha

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শতবৰ্ষ গৰকা জাতীয় জীৱনৰ মহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ আগন্তুক ২০২৫ বৰ্ষৰ পূৰ্ণাংগ অধিবেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ আহ্বান জনাবলৈ মঙলবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত একত্ৰিত হ'ল নগাঁও জিলাৰ বটদ্ৰৱাৰ ২ টাকৈ শাখা সাহিত্য সভা।

Advertisment

অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত পৌৰহিত্য কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই। সভাত বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা আৰু ৰাইদঙীয়াৰ সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সদস্য সকল আৰু অঞ্চলটোৰ আজীৱন সদস্য সকল একত্ৰিত হৈ আৰু গুৰুজনাৰ পূণ্যধাম হিচাপে খ্যাত অঞ্চলটোত পূৰ্ণাংগ অধিবেশন আমন্ত্ৰণ জনোৱাৰ বিষয়ত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহন কৰে।

সভাই উল্লেখ কৰে যে, অসমৰ জাতীয় জীৱনৰ মহৎ অনুষ্ঠানটোৰ পূৰ্ণাঙ্গ অধিৱেশন অনুষ্ঠিত কৰাৰ সকলো আন্তঃগাঠনি আৰু সভা সভিতি অনুষ্ঠিত কৰাৰ সা সুবিধা ৰাইজক সেৱা কৰাৰ মানসিকতা গুৰুজনাৰ জন্মস্থানৰ বৃহৎ অঞ্চলটোৰ ক্ষেত্ৰত আছে। সভাৰ আৰম্ভণিতে আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰে বিশিষ্ট সত্ৰ কৃষ্টিৰ সাধক তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী জাতীয় জীৱনৰ মহান কাণ্ডাৰী বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত এটি শোক প্ৰস্তাৱ পাঠ কৰি গভীৰ শোক প্ৰকাশেৰে মৌন প্ৰাৰ্থনা জনায়।

সভাত সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, সম্পাদক কবীন পাটৰ , নাৰায়ণ দাস, অতুল মহন্ত, লক্ষ্যধৰ তালুকদাৰ, গিৰিশ বৰুৱা, উপেন শইকীয়া, দিলিপ গোস্বামী প্ৰমুখ্য কৰি দুই শতাধিক ৰাইজৰ উপস্থিতিত অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ অধিবেশনৰ আহ্বায়ক সমিতি এখন গঠন কৰে

nagaon assam assam sahitya sabha