আৰম্ভ হ'ল অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া..

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ বৰ্ষীয় কাৰ্যসূচী কবি সন্মিলনৰ আয়োজন

assam sahitya sabha

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ সভাপতিকে ধৰি অন্যান্য পদবীৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে। সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে আজিৰ দিনটোৰ পৰা কোনো প্রার্থীয়ে নির্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

Advertisment

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইৱকীয়াই আজি সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত এই কথা ঘোষণা কৰে। অসমীয়া ভাষা সাহিত্যৰ ওপৰত নীৰৱতাৰে চৰ্চা অব্যাহত ৰখা অৰুণাচলৰ য়েছে দৰজে ঠংচিয়ে অসম সাহিত্য সভাৰ সভাপতি হ'বলৈ মন মেলাৰ পাছত বিষয়টোক লৈ চৰ্চা চলিছিল।

আজি অসম সাহিত্য সভাই নিৰ্বাচনৰ সূচী ঘোষণা কৰাত পৰৱৰ্তী সভাপতি কোন হ'ব সেই কথা সভাৰ ভোটাৰৰ ভোটদানৰ পাছত অহা ডিচেম্বৰ মাহত নলবাৰীত থিৰাং হ'ব। আজি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইৰকীয়াই সংবাদমেলত কয় যে ১৫ অক্টোবৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্রকাশ হ'ব। ভোটাৰ তালিকাৰ খচৰা ৱেবছাইট, শাখা আৰু জিলা সমিতিক ইতিমধ্যে দিয়া হৈছে। ১৮ অক্টোবৰৰ ভিতৰত ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰা হ'ব। ওজৰ আপত্তি নিষ্পত্তিকৰণৰ পাছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ২০ৰ পৰা ২২ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিব লাগিব।

যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিব লাগিব। প্রার্থীয়ে ১০০০ টকাৰ চেক জমা দিব লাগিব মনোনয়ন-পত্ৰৰ বাবে। ২৬-২৭ অক্টোবৰত গুৱাহাটীৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰিব লাগিব।

২৮ অক্টোবৰৰ ভিতৰত ইচ্ছুক প্রার্থীয়ে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন-পত্র। ২ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰৰ ভিতৰত ভোটদান প্রক্রিয়া সম্পূৰ্ণ হ'ব লাগিব। অসম সাহিত্য সভাৰ সভাপতি শইরকীয়াই কয় যে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত এজন স্থায়ী সদস্যই প্ৰস্তাৱ কৰিব লাগিব আৰু ২৫গৰাকী স্থায়ী সদস্যই সমর্থন জনাব লাগিব। ১৩ নৱেম্বৰৰ ভিতৰত সকলো ভোটাৰে ভোটদান সম্পন্ন কৰিব লাগিব।

দূৰ-দূৰণিৰ পৰা যিহেতু সদস্যসকলে ভোটদান কৰিব সেয়েহে ভোটৰ বাকচ ৫ ডিচেম্বৰ পুৱা ১০ বজাত নির্বাচনী বিষয়াৰ উপস্থিতিত বন্ধ কৰা হ'ব আৰু সেইদিনাই পাণবজাৰ থানাৰ আৰক্ষী নিৰাপত্তাত মেঘদূত ভৱনত ভোটৰ বাকচসমূহ জমা ৰখা হ'ব। ডিচেম্বৰ মাহত নলবাৰীত অনুষ্ঠিত হ'বলগীয়া সভাৰ কাৰ্যনিৰ্বাহকত ভোট গণনা কৰা হ'ব।

নলবাৰীলৈ পুৱা ৭ বজাত পাণবজাৰ আৰক্ষী থানাৰ জিম্মাৰ পৰা ভোটৰ বাকচসমূহ নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হ'ব। সাহিত্য সভাৰ সভাপতি শইতকীয়াই কয় যে নলবাৰীৰ কাৰ্যনিৰ্বাহকৰ তাৰিখ যিহেতু নিৰ্ধাৰণ হোৱা নাই সেয়েহে ভোট গণনাৰ তাৰিখ পৰৱৰ্তী সময়তহে থিৰাং হ'ব।

সাহিত্য সভাৰ সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সুকলমে চলাই নিবলৈ ৰাজ্যিক নির্বাচন আয়োগৰ প্ৰাক্তন নির্বাচন আয়ুক্ত হৰেন্দ্ৰ বৰাক অধ্যক্ষ আৰু দুজন সদস্যক লৈ এখন কমিটীক দায়িত্ব দিয়া হয়।

assam sahitya sabha