Advertisment

অসম সাহিত্য সভাই প্ৰদান কৰিবলগীয়া বিভিন্ন বঁটাপ্ৰাপকৰ নাম ঘোষণা...

অসম সাহিত্য সভাই পাঠশালা অধিৱেশনত বিভিন্নজনক প্ৰদান কৰিব বিভিন্ন শিতানৰ বঁটা ।দেওবাৰে এক সংবাদমেল যোগে বঁটাপ্ৰাপক সকলৰ নাম ঘোষণা কৰে সাহিত্য সভাৰ বিষয়বীবয়াই ।

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ নিৰ্বাচনঃ উপ সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ...

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই পাঠশালা অধিৱেশনত বিভিন্নজনক প্ৰদান কৰিব বিভিন্ন শিতানৰ বঁটা ।দেওবাৰে এক সংবাদমেল যোগে বঁটাপ্ৰাপক সকলৰ নাম ঘোষণা কৰে সাহিত্য সভাৰ বিষয়বীবয়াই ।

Advertisment

উল্লেখযোগ্য যে অসম সাহিত্য সভাই অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাৰ বাবে ঘোষণা কৰিছে নীলমণি সেন ডেকাৰ নাম । তাৰোপৰি বাসন্তী বদৰলৈ বঁটাৰ বাবে নলিনীৱালা হাজৰিকা, পাচুগোপাল চক্রৱৰ্তীলৈ হেম বৰুৱা সোঁৱৰণী বঁটা,জয়কান্ত শৰ্মালৈ শৰৎ চন্দ্র বৰুৱা স্মাৰক বঁটা, প্রমোদ কলিতালৈ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা,সুমিত্রা হাজৰিকালৈ হেমচন্দ্র বৰুৱা সোঁৱৰণী বঁটা, অদিতি খাউণ্ডলৈ প্রেমধৰ দত্ত সোঁৱৰণী বঁটা, অপৰাজিতা পূজাৰীলৈ গিৰিধৰ শৰ্মা বঁটা, চন্দনা পাঠকলৈ নকুল চন্দ্র সভাপণ্ডিত সোঁৱৰণী বঁটা প্ৰদানৰ কথা সংবাদমেলযোগ্ সদৰী কৰে ।

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰাপকসকলৰ নামো ঘোষণা কৰা হয় সংবাদমেলত । ময়ূৰ বৰালৈ ‘চিৰদিন অসমীয়া’ শীৰ্ষক গ্রন্থৰ বাবে বঁটা, ভৱানী প্রসাদ অধিকাৰীলৈ ‘অ’ মোৰ সুৱদি মাত’ শীৰ্ষক গ্রন্থৰ বাবে, শান্তনু কৌশিক বৰুৱালৈ ‘অসমৰ ঐতিহ্য’ শীৰ্ষক গ্রন্থৰ বাবে, ধীৰেন শৰ্মালৈ ‘অসমৰ যাত্রা অভিনয়ৰ ইতিহাস’ শীৰ্ষক গ্রন্থৰ বাবে, সীমা বৰালৈ ‘ভাষাৰ মৰণ যাত্রা’ শীৰ্ষক গ্রন্থৰ বাবে, সোণমণি দাসলৈ ‘সোমদিৰি নৈৰ জীৱন ঘাট’ শীৰ্ষক গ্রন্থৰ বাবে আৰু বৰ্ণালী শইকীয়ালৈ ‘ছহিদ কণকলতা বৰুৱা আৰু অন্যান্য’ শীৰ্ষক গ্রন্থৰ বাবে সভাপতিৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

সমান্তৰালভাৱে আন শিতানত বিভিন্নজনে পাঠশালা অধিৱেশনত লাভ কৰিব অসম সাহিত্য সভাৰ বঁটা । মৃণালিনী দেৱীলৈ ‘সাহিত্য সভাৰ জীৱনজোৰা সাহিত্য প্রাণ’ বঁটা,নীলোৎপল শৰ্মালৈ উগ্রতাৰা ন্যাস বঁটা,বেদব্রত মিশ্রলৈ ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা,চন্দনা বেজবৰুৱালৈ উত্তম চন্দ্র বৰুৱা সোঁৱৰণি বঁটা,জ্যোতি কুমাৰী শৰ্মালৈ অনিল কুমাৰ শৰ্মা সোঁৱৰণি বিজ্ঞান সাহিত্য বঁটা,ভৰত ৰাজখোৱালৈ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা, অভিজিৎ গগৈলৈ কাব্যশ্রী হাজৰিকা বঁটা, হৰিন্দ্র মোহন নাথলৈ দুৰ্গাধৰ বৰকটকী সোঁৱৰণি বঁটা,ডাঃ শংকৰ কুমাৰ দাসলৈ গোপালচন্দ্র বৰুৱা বঁটা আৰু ‘অৰ্কিড অৱ আছাম’লৈ হৰিপ্রসাদ নেওগ মুদ্রণ-অলংকৰণ বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে সংবাদমেলত ।

 

 

 

অসম সাহিত্য সভা