Advertisment

সাহিত্য সভাৰ নিৰ্বাচনী বিৰ্তকঃ ৰাভা জনগোষ্ঠীৰ মাজত ক্ষোভৰ উদগীৰণ...

প্ৰথম দিনটোৰ পৰাই অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ নানান বিৰ্তকৰ সূত্ৰপাত হৈছিল। নিৰ্বাচনী ফলাফল দিনটোতো সংঘটিত হোৱা নানান আসোঁৱাহক লৈ সভাপতি পদৰ প্ৰাৰ্থী তথা

author-image
Asomiya Pratidin
New Update
উপেন ৰাভা হাকাচাম

উপেন ৰাভা হাকাচাম Photograph: (উপেন ৰাভা হাকাচাম)

ডিজিটেল ডেস্কঃ প্ৰথম দিনটোৰ পৰাই অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ নানান বিৰ্তকৰ সূত্ৰপাত হৈছিল। নিৰ্বাচনী ফলাফল দিনটোতো সংঘটিত হোৱা নানান আসোঁৱাহক লৈ সভাপতি পদৰ প্ৰাৰ্থী তথা বিশিষ্ট সাহিত্যিক, গৱেষক উপেন ৰাভা হাকাচামে দুই পৃষ্ঠাজোৰা এক অভিযোগ পত্ৰ নিৰ্বাচনী কমিটী আৰু সাহিত্য সভাৰ উচ্চক্ষমতা সম্পন্ন কমিটিলৈ প্ৰেৰণ কৰিছিল।

Advertisment

নিৰ্বাচনৰ ভোটগণনাত কি কি আসোঁৱাহ তেওঁ লক্ষ্য কৰিছে সেই কথা স্পষ্টকৈ উল্লেখ কৰি এক পত্ৰ প্ৰেৰণ কৰিছিল বিশিষ্ট গৱেষকগৰাকীয়ে। কিন্তু লক্ষ্যণীয়ভাৱে অসম সাহিত্য সভাই গৱেষকগৰাকীৰ এই পত্ৰত কোনো ইতিবাচক সহাঁৰি প্ৰদান নকৰিলে। যথেষ্ট স্পৰ্শকাতৰ এই বিষয়টো অসম সাহিত্য সভাই চালি-জাৰি চাই যেনেদৰে আগবাঢ়িব লাগিছিল, তেনে নকৰাৰ বাবেই এতিয়া ৰাভা জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাভা জনগোষ্ঠীয় লোকসকলৰ মনত থকা অসন্তুষ্টি শেহতীয়াকৈ বিয়পিছে সামাজিক মাধ্যমত। সমগ্ৰ বিষয়টোত মধ্যবিত্ত অসমীয়াৰ অগ্ৰাসনত জনগোষ্ঠীয় লোকসকল সদায়েই প্ৰতাৰিত, বঞ্চিত হোৱাৰ দৰে অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে ৰাভা জনগোষ্ঠীয় বিভিন্নজনে।

বিশিষ্ট গৱেষক উপেন ৰাভা হাকাচামৰ অভিযোগ পত্ৰৰ যুক্তিযুক্ততা আছে বুলি একাংশ লোকে সামাজিক মাধ্যমত মুকলিকৈ লিখিছে। আনকি এই বিষয়টো ইমান গভীৰতালৈ সোমাইছে যে, অসম সাহিত্য সভাৰ মজিয়াৰ পৰা জনগোষ্ঠীয় সকলো লোকক ওলাই আহিবলৈও কুন্ঠাবোধ কৰা নাই একাংশ লোকে।

একাংশই সামাজিক মাধ্যমত অসমীয়া আৰু ৰাভা জনগোষ্ঠী পৃথক পৃথক বুলি অভিহিত কৰি মন্তব্য কৰিছে যে, অসমীয়া ভাষা-সাহিত্যৰ কথা চিন্তা কৰাতকৈ আমাৰ ৰাভা ভাষা-সাহিত্যৰ ওপৰত গুৰু্ত্ব দিয়াই ভাল। একাংশৰ ক্ষোভ ইয়াতকৈ ওপৰত। ৰাভা জনগোষ্ঠীৰ এগৰাকী ব্যক্তিয়ে এই বুলিও সমাজিক মাধ্যমত লিখিছে যে,  অতি অসমীয়া আৰু জনজাতিবিৰোধী কাৰ্যকলাপ এদিন ধ্বংস হবই। অতি অসমীয়াবোৰে ভাৱে জনজাতি সকল বুৰ্বক আৰু এচামে বিচাৰে জনজাতি শ্ৰেণীৰ সুবিধা। এয়াই অসমীয়াৰ চৰিত্ৰ।

ৰাভা জনগোষ্ঠী তথা অসমীয়া সাহিত্যত বৰণ্য অৱদান আগবঢ়োৱা ড০  উপেন ৰাভা হাকাছামৰ দাবী তথা অভিযোগক সমৰ্থন কৰি তেওঁক নিখিল ৰাভা সাহিত্য সভাৰ দায়িত্ব লোৱাৰ বাবে একাংশই আহ্বান জনোৱাও পৰিলক্ষিত হৈছে।

এইখন অসমত অসমীয়া কোন বুলি প্ৰশ্ন কৰি জনজাতি লোকসকলক সাহিত্য, ৰাজনীতি আৰু অন্যান্য ক্ষেত্ৰত কেৱল অস্ত্ৰ হিচাপে কিয় ব্যৱহাৰ কৰা হয় বুলিও প্ৰশ্নৰ উত্থাপিত হৈছে।

মুঠৰ ওপৰত অসম সাহিত্য সভাৰ সভাপতিকেন্দ্ৰিক বিৰ্তক এতিয়াও অৱসান ঘটা নাই। নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱৰ কথা উল্লেখ কৰি বিশিষ্ট গৱেষক হাকাছামে তোলা প্ৰশ্নৰ উচিত উত্তৰ প্ৰদান নকৰাৰ পাছতে এনে বিৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। অতিকৈ স্পৰ্শকাতৰ এই বিষয়টোক লৈ সাহিত্য সভাৰ বিষয়ববীয়া তথা নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে উদ্যোগ কৰিলে হয়তো এক জটিল পৰিস্থিতিৰ পৰা ৰক্ষা পৰিব অসমৰ সমাজ-সংস্কৃতি।

 

   

অসম সাহিত্য সভা