/asomiyapratidin/media/media_files/2024/12/30/rilxzpyfBPiNU2lOKxgw.jpg)
সাহিত্য সভা Photograph: (সাহিত্য সভা)
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছে যদিও বিৰ্তকৰ যেন অন্ত পৰা নাই। সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ ভোটগণনাক লৈ আক্ষেপ প্ৰকাশ কৰি সভাপতি পদৰ প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা গৱেষক উপেন ৰাভা হাকাচামে নিৰ্বাচনী কমিটীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।
এই পত্ৰত ভোটগণনাৰ স্বচ্ছতাক লৈ কেইবাটাও প্ৰশ্ন অৱতাৰণা কৰি সকলো দিশ চালি-জাৰি চাইহে সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছিল। প্ৰয়োজনত পুনৰ ভোটগণনা কৰাৰ কথাও উল্লেখ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
হাকাচামৰ এই পত্ৰ প্ৰেৰণৰ এদিনৰ পাছতে সাহিত্য সভাৰ বিদায়ী সভাপতি সূৰ্য্যকান্ত হাজৰিকাই এই বিষয়টো স্পষ্ট কৰি কয় যে, সভাপতি পদক লৈ হোৱা নিৰ্বাচনৰ ভোটগণনা পুনৰ অনুষ্ঠিত নহয়। এই প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে সমাপন হৈছে।
উল্লেখ যোগ্য যে, বিশিষ্ট সাহিত্যিক তথা সভাপতি পদৰ প্ৰাৰ্থী উপেন ৰাভা হাকাচামেকৰিছিল যে, বেলট বাকচ সমূহ খুলি যত বেলট পেপাৰসমূহ যি স্থানত উলিওৱা হৈছিল সেই স্থানতে গণনা কিয় কৰা নহ'ল? টোপোলা বান্ধি সেই ভৱনৰে আন স্থানলৈ বেলট পেপাৰসমূহ নিয়া হৈছিল যদিও কিয় ৪ঘন্টা পলমকৈ ইয়াৰ গণনা কৰা হ'ল? তেওঁ লগতে পত্ৰত উল্লেখ কৰিছিল যে গোটেই প্ৰক্ৰিয়াটোক লৈ বিভিন্ন জিলা তথা শাখা সাহিত্য সভাৰ সদস্যই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।