/asomiyapratidin/media/media_files/2024/12/29/jjTBv3g6RQTJmzUEfytE.jpg)
হাকাচাম Photograph: (হাকাচাম)
ডিজিটেল ডেস্কঃ ভোট গণনা প্ৰক্ৰিয়াক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উপেন ৰাভা হাকাচামে। তেওঁ অভিযোগ কৰে যে, বেলট বাকচ সমূহ খুলি যত বেলট পেপাৰসমূহ যি স্থানত উলিওৱা হৈছিল সেই স্থানতে গণনা কিয় কৰা নহ'ল?
টোপোলা বান্ধি সেই ভৱনৰে আন স্থানলৈ বেলট পেপাৰসমূহ নিয়া হৈছিল যদিও কিয় ৪ঘন্টা পলমকৈ ইয়াৰ গণনা কৰা হ'ল তেওঁ লগতে কয় যে, এই গোটেই প্ৰক্ৰিয়াটোক লৈ বিভিন্ন জিলা তথা শাখা সাহিত্য সভাৰ সদস্যই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।
/asomiyapratidin/media/media_files/2024/12/29/sBnSikgzUbxYbLiTXUlb.jpg)
এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াৰ জবাব তথা বিষয়টো স্পষ্টতাৰে নিষ্পত্তি কৰাৰ দাবী জনাইছে সভাপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে। যদিও ভোটগণনা এতিয়াও সম্পূৰ্ণ হোৱা নাই তথা শতাধিক ভোটৰ গণনা কৰিবলৈ বাকী থকা অৱস্থাতে তেওঁ অসমীয়া প্ৰতিদিন ডিজিটেলৰ সন্মুখত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।