অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ অসম আৰক্ষীৰ সন্তানৰ বাবে বৃত্তি ঘোষণা

উচ্চ শিক্ষাৰ গুণগত সুবিধাৰ প্ৰসাৰৰ লগতে আৰক্ষী বাহিনীৰ কৰ্মীসকলৰ সেৱা আৰু ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে অসম আৰক্ষীৰ সন্তানৰ সুবিধাৰ্থে দুটা সুকীয়া শিতানৰ শৈক্ষিক বৃত্তিৰ সুবিধা প্ৰদান কৰিছে

author-image
Asomiya Pratidin
New Update
346

অসম আৰক্ষীৰ সন্তানৰ বাবে বৃত্তি ঘোষণা

ডিজিটেল সংবাদ, গুৱাহাটী : উচ্চ শিক্ষাৰ গুণগত সুবিধাৰ প্ৰসাৰৰ লগতে আৰক্ষী বাহিনীৰ কৰ্মীসকলৰ সেৱা আৰু ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে অসম আৰক্ষীৰ সন্তানৰ সুবিধাৰ্থে দুটা সুকীয়া শিতানৰ শৈক্ষিক বৃত্তিৰ সুবিধা প্ৰদান কৰিছে। এই সন্দৰ্ভত আৰ জি ইউৰ একাডেমিক পঞ্জিয়ক অধ্যাপক (ড°) ডি এন সিঙে কয়, “অসম আৰক্ষীৰ সন্তানৰ বাবে বৃত্তিৰ দুটা শ্ৰেণীৰ ভিতৰত আছে ‘ৰয়েল শৌৰ্য্য’ – শ্বহীদ আৰু বীৰত্ব বঁটাপ্ৰাপ্ত পৰিয়ালৰ বাবে ১০০% বৃত্তি।

Advertisment

একেদৰে ‘ৰয়েল সুৰক্ষা’ – অসম আৰক্ষীৰ সন্তানৰ বাবে ৫০% টিউচন ৰেহাই”। তেওঁ লগতে কয় যে এআইচিটিই, চিঅ’এ, পিচিআই, আইএনচি, এএনএমএইচভিচি, বিচিআই বা অনুৰূপ পৰিষদৰ দৰে বিধিগত সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্যসূচীত নামভৰ্তিৰ বাবে ও এই বৃত্তি দিয়া হ’ব। 

“আৰ জি ইউয়ে আৰম্ভণিৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক আন বহু বৃত্তিৰ সুযোগ আগবঢ়াই আহিছে, যেনে : “ৰয়েল মেৰিট অন এডমিছন বৃত্তি”, “ই ডব্লিউ এছ কেটেগৰীৰ বাবে ৰয়েল বৃত্তি”, “ৰয়েল এনডাউমেণ্ট বৃত্তি”, আৰ জি ইউ স্প’ৰ্টছ বৃত্তি, ছেমিষ্টাৰ টপাৰ্ছৰ বাবে মাহেকীয়া বৃত্তি”, এইদৰে কয় আৰ জি ইউৰ বৃদ্ধি আৰু কৌশলৰ সঞ্চালক উৎপল কান্তাই। ৰয়েল মেৰিট অন এডমিছন বৃত্তিত বাৰ্ষিক মাচুল, নামভৰ্তি মাচুল আৰু পঞ্জীয়ন মাচুলৰ ওপৰত ১০০% বৃত্তি প্ৰদান কৰা হয়।

আনহাতে, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১০০% বৃত্তি প্ৰদান কৰা হয়। ৰয়েল এনডাউমেণ্ট বৃত্তি সকলো কাৰ্যসূচীতে প্ৰদান কৰা হয় আৰু ইয়াক লাভ কৰিব পৰা শিতানসমূহৰ ভিতৰত ক্ৰীড়া, সংগীত, সূক্ষ্ম কলাৰ ছাত্ৰ-ছাত্ৰী, পদ্ম বঁটাপ্ৰাপক, অসম বৈভৱ, সৌৰভ আৰু গৌৰৱ বঁটাপ্ৰাপকৰ সন্তান আৰু নাতি, অকলশৰীয়া মাতৃৰ সন্তান আৰু যাৰ পৰিয়ালৰ আয় ৮ লাখতকৈ কম। চুবুৰীয়া দেশৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবেও ইয়াত বৃত্তিৰ ব্যৱস্থা আছে।

আৰ জি ইউ স্প’ৰ্টছ বৃত্তিৰ দ্বাৰা খেলুৱৈসকলক কেৱল আৰ্থিক সাহায্য প্ৰদান কৰাই নহয়, সঠিক প্ৰশিক্ষক আৰু মেণ্টৰশ্বিপৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰাতো গুৰুত্ব আৰোপ কৰে। আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত খেলুৱৈৰ কৃতিত্বৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়খনে ভাৰতীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ক্ৰীড়া আৰু খেলত ১০০%, ৮০%, ৭০%, ৫০% আৰু ৪০% বৃত্তি প্ৰদানৰ ব্যবস্থা আছে।

Assam police royal global university