ডি আৰ আই আৰু অসম ৰাইফলছৰ অভিযানত কাছাৰত ২২.৭৩ কোটি টকাৰ হেৰ'ইন জব্দ

বাহন খনৰ চকাৰ ভিতৰত লুকুৱাই অনা হৈছিল হেৰ'ইন খিনি।‌ ২৮০টা পেকেটৰ ভিতৰত অনা হৈছিল হেৰ'ইন খিনি। জব্দ কৰা হেৰ'ইন খিনিৰ মূল্য প্ৰায় ২২ কোটি ৭৩ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। 

author-image
Asomiya Pratidin
New Update
hgkhkl

ডিজিটেল সংবাদ,শিলচৰ: আৰক্ষীৰ সমান্তৰালকৈ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অসম ৰাইফলছ আৰু ডাইৰেক্ট'ৰেট অফ ৰেভিনিউ ইন্টেলিজেঞ্চ সংক্ষেপে ডি আৰ আই ৰ। গোপন তথ্যৰ ভিত্তিত কাছাৰৰ ধলাই সমষ্টিৰ কাবুগঞ্জত এখন টাটা যোধা বাহনত অসম ৰাইফলছ আৰু ডি আৰ আই যুটীয়া অভিযান চলাই ৩.২৪ কেজি হেৰ'ইন  জব্দ কৰে।

Advertisment

বাহন খনৰ চকাৰ ভিতৰত লুকুৱাই অনা হৈছিল হেৰ'ইন খিনি।‌ ২৮০টা পেকেটৰ ভিতৰত অনা হৈছিল হেৰ'ইন খিনি। জব্দ কৰা হেৰ'ইন খিনিৰ মূল্য প্ৰায় ২২ কোটি ৭৩ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। 

উল্লেখ্য যে, হেৰ'ইন খিনিৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহৰ সময়ত জব্দ কৰা হয়। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে।

কাছাৰ