/asomiyapratidin/media/media_files/2025/06/29/ffffs-2025-06-29-08-29-57.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন'(Assam Press Correspondents Union, APCU)চমুকৈ আপকুৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ মঞ্চত পুনৰ নতুনকৈ দুটা বঁটা আৰু পূৰ্বে ঘোষণা কৰা তিনিটা বঁটা সহ মুঠ পাঁচটা বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে ।
আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথম বাৰৰ বাবে প্ৰদান কৰিবলগীয়া তিনিটা বঁটাৰ লগতে শুভাকাংক্ষীয়ে নতুনকৈ প্ৰদান কৰা দুটা বঁটাৰ দাতা হৈছে ক্ৰমে বকলীয়াঘাটৰ ৰজাপথাৰৰ পূৰ্ণিমা ৰংহাংপীয়ে তেওঁৰ পিতৃ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰয়াত চুম ৰংহাঙৰ সোঁৱৰণত আৰু ৰজাপথাৰৰ নিবাসী শিক্ষক , কবি তথা সংগীতশিল্পী প্ৰভাত দ্বাৰফাং বৰদলৈ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃদ্বয় ক্ৰমে দীপক বৰদলৈ আৰু যাদৱ বৰদলৈয়ে তেওঁলোকৰ পিতৃৰ সোঁৱৰণত বঁটা আগবঢ়াইছে ।
উল্লেখযোগ্য যে আপকুৰ মঞ্চত প্ৰদান কৰিবলগীয়া পূৰ্বে ঘোষণা কৰা অনুসৰি তিনিটা বঁটা আৰু বৰ্তমান পুনৰ নতুনকৈ দুটা বঁটাসহ আপকুৰ মঞ্চত প্ৰদান কৰিবলগীয়া মুঠ বঁটা হৈছে পাঁচটা । ইপিনে অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে এখনি স্মৰণিকা প্ৰকাশ কৰাৰ চিন্তা কৰা হৈছে ।