/asomiyapratidin/media/media_files/2025/01/24/pIqbfSojogk7iPn62Byl.jpg)
ডিজিটেল সংবাদ,ওদালগৰিঃ ওদালগুৰিত অনুষ্ঠিত হোৱা সপ্তম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি পৰে । উক্ত প্ৰতিযোগিতা ওদালগুৰিৰ নলবাৰী খেল পথাৰত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল ।
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত বৃহস্পতিবাৰে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ওৰাঙৰ জেনিথ ক্লাবে। ইয়াৰ বিপৰীতে ৰানাৰ্চ আপৰ সন্মান লাভ কৰে বেছিমাৰী ডাইমন্ড ক্লাবে। আনহাতে লক্ষণীয় প্ৰদৰ্শনৰে প্ৰতিযোগিতাৰ মেন অফ দ্যা চিৰীজ, হায়েষ্ট উইকেট টেকাৰ আৰু ফাইনেলৰ যেন অফ দা মেচ এই তিনিওটা খিতাপ আজুৰি আনে ওৰাঙৰ জেনিথ ক্লাবৰ প্ৰতিভাশালী খেলুৱৈ পাপ্পু শৰ্মাই।
উল্লেখযোগ্য যে খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা ওদালগুৰি ক্ৰিকেট এচ’ছিয়েশ্যনৰ সভাপতি ৰিহন দৈমাৰী। তেখেতে বক্তব্যত ওদালগুৰি জিলাৰ পৰা ক্ৰিকেটৰ প্ৰতিভা সম্পন্ন খেলুৱৈ সকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় কৰি যাব বুলি মন্তব্য কৰে। লগতে অনাগত দিনত ক্ৰিকেটৰ উন্নতিৰ কাৰনে ওদালগুৰি ক্ৰিকেট এচ’ছিয়েশ্যনৰ পৰা জুনিয়ৰ তথা ছিনিয়ৰ পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অহা মাৰ্চ মাহৰ ভিতৰত নতুন আম্পায়াৰৰ পৰীক্ষা, ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে লৈ থকা ব্যৱস্থা আদি বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে মন্তব্য কৰে।
অহা ফেব্ৰুৱাৰী মাহৰ পৰা অনুষ্ঠিত হ'ব লগীয়া জুনিয়ৰ পৰ্যায়ৰ খেলত ওদালগুৰি জিলাৰ সকলো ক্ৰিকেট ক্লাবক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । আনহাতে ৰিহন দৈমাৰীয়ে জনায় যে বৃহস্পতিবাৰৰ প্ৰতিযোগিতাত বিজয়ী দলটোক অসম ক্ৰিকেট সন্থাই এক লাখ টকাৰে পুৰস্কৃত কৰাৰ বিপৰীতে ৰানাৰ্চ আপ দলক ওদালগুৰি ক্ৰিকেট এচ’ছিয়েশ্যনৰ পৰা নিজাববীয়াকৈ দহ হাজাৰ টকাৰে পুৰস্কৃত কৰা হৈছে।