নাজিৰাত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সফল সামৰণি

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে সপ্তম সংস্কৰণ অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিৰ সোমবাৰে সফলতাৰে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
নাজিৰাত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সফল সামৰণি

নাজিৰাত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সফল সামৰণি

ডিজিটেল সংবাদ, নাজিৰা : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে সপ্তম সংস্কৰণ অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিৰ সোমবাৰে সফলতাৰে সামৰণি পৰে।

উল্লেখযোগ্য যে সৰ্বমুঠ ৮ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন নাজিৰা ক্ৰিকেট একাডেমী আৰু ক্ৰিকেট ক্লাব অৱ নাজিৰাৰ মাজত অনুষ্ঠিত হয়। নাজিৰা ক্ৰিকেট একাডেমীয়ে ক্ৰিকেট ক্লাব অৱ নাজিৰাক ৪৮ ৰাণত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাৰ অন্তত নাজিৰাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত খিতাপ অৰ্জন কৰা দল আৰু খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

nazira