/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bccb48d3-ad15-4ffd-b2c8-c081404178eb/jogi.jpg)
অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতিৰ পদত্যাগ
ডিজিটেল সংবাদ,বেবেজীয়াঃ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ দিনেশ কাকতি নাথে পদত্যাগ কৰিছে । শাৰীৰিক অসুস্থতাৰ বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰিছে পদত্যাগী সভাপতি কাকতিয়ে ।
সন্মিলনীৰ উপ-সভাপতি ৰাজেন্দ্ৰ নাথলৈ লিখা এখন পত্ৰত সন্মিলনীৰ সংবিধানৰ দ্বিতীয় অধ্যায়ৰ ১৩ নং অনুচ্ছেদ অনুসৰি পদত্যাগ কৰা বুলি উল্লেখ কৰিছে । উল্লেখ্য যে অহা ১৮ ডিচেম্বৰত তেজপুৰৰ পিঠা খোৱাত সন্মিলনীৰ এই বৰ্ষৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব অৰু অহা বছৰৰ ২০,২১ আৰু ২২ জানুৱাৰীত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হেলাগাড়ীত ১০৩ বৰ্ষীয় অধিবেশন অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
আৰু পঢ়কঃ অফিচৰ পৰা ওলাই যোৱাৰ কিছু সময় পাছতেই উদ্ধাৰ যুৱকৰ মৃতদেহ...