অসম আৰক্ষীত শেষ হোৱা নাই ৰদ-বদল; এইবাৰ গুৱাহাটীৰ কেইবাখনো থানাৰ OCক বদলি

অসম আৰক্ষীত শেষ হোৱা নাই ৰদ-বদল; এইবাৰ গুৱাহাটীৰ কেইবাখনো থানাৰ OCক বদলি

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীত শেষ হোৱা নাই ৰদ-বদল; এইবাৰ গুৱাহাটীৰ কেইবাখনো থানাৰ OCক বদলি

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত পুনৰ ৰদ-বদল। এইবাৰ গুৱাহাটীৰ ৮ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক বদলি বিভাগীয় কৰ্তৃপক্ষৰ। এক জাননী যোগে এই নিৰ্দেশনা অসম আৰক্ষীৰ।

নিৰ্দেশনা মৰ্মে, ভঙাগড় থানাৰ অ'চি প্রাণজিত দাসক সীমান্ত শাখালৈ বদলি কৰাৰ বিপৰীতে ক্ষেত্রীৰ অ'চি বিনন্দ বসুমতাৰীক আৰ আই চি ডি অ'(বি এল) হিচাবে মান্দাকাটালৈ বদলি কৰিছে। তেনেদৰে নুনমাটিৰ অ' চি প্রশান্ত বৰাক দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রলৈ বদলি কৰে।

ইপিনে চানমাৰি থানাৰ অ' চি টিংকুমণি বৰদলৈক চি আই ডিলৈ বদলি বিভাগীয় কৰতৃপক্ষৰ। সমান্তৰালভাবে পল্টন বজাৰ থানাৰ অ' চি দীপান্ত ফুকনক টেঙাখাতৰ 19th AP(IR)Bn লৈ বদলি।

লতাশিলৰ অ' চি নিতুল দাসকো দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রলৈ বদলি। আকৌ পি আই কোৰ্টৰ মনজিৎ‍ বুঢ়াগোহাঁইক সীমান্ত শাখালৈ বদলি কৰাৰ বিপৰীতে ফটাশিল থানাৰ অ'চি দেৱজ্যোতি ফুকনক ফাষ্ট এ পি বি এন লিগিৰিপুখুৰীলৈ বদলিৰ নিৰ্দেশ দিছে অসম আৰক্ষীয়ে।

Also Read: অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ আটক ৮ গৰু বেপাৰী, পলাটক মহলদাৰ

Assam police