দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ প্ৰতিষ্ঠা দিৱস

দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে কেম্পত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পন কৰে অধীনায়ক জাকিৰ হুছেইনে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bbvb

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ   নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল তথা বটদ্ৰৱাৰ সমীপৱৰ্তী দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে কেম্পত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পন কৰে অধীনায়ক জাকিৰ হুছেইনে।

Advertisment

পৰৱৰ্তী সময়ত চেৰেমনিয়েল পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। অনুষ্ঠানত হেমন্ত কুমাৰ দাসে প্ৰতিষ্ঠা দিৱস উপলক্ষে ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ সকলো বিষয়া, জোৱানক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আৰক্ষী পৰিয়ালৰ লোক সকলৰ ত্যাগ স্বীকাৰৰ বাবে আৰক্ষীয়ে নিজ কৰ্তব্যত অগ্ৰসৰ হৈ দেশ সেৱাত ব্ৰতী হব পাৰে বুলি ভাষন প্ৰদান কৰে।

পাছত অনুষ্ঠানত আন্তৰিক সুৰক্ষা পদক বিজেতা সকলক সম্বৰ্ধনা জনোৱা হয়। দুপৰীয়া বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত হৈ অধীনায়ক জাকিৰ হুছেইন তথা জোৱান সকলেৰ প্ৰচেষ্টাত নতুনকৈ নিৰ্মাণ হোৱা ব্ৰাইট ষ্টাৰ কিডচ নামৰ এখনি স্কুল উদঘাটন কৰে। উল্লেখ্য যে, এই স্কুলত আৰক্ষী পৰিয়ালৰ লগতে অঞ্চলৰ দৰিদ্ৰতা পৰিয়ালৰ লোকৰ সন্তান সকলক এই ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ জোৱান, বিষয়া সকলে (নিজ কৰ্তব্যৰ উপৰিও) পাঠদান কৰিব।

ইয়াৰ পিছত সত্ৰীয়া নৃত্য, বিহু নৃত্য, মনিপুৰী পুং চলন আদি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছত ৰচী টনা, চকী খেল আদি অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অতিথি ৰূপে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ উপস্থিত থাকে।

কাৰ্যসূচীত ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ সহ অধীনায়ক ড০ দিগন্ত বৰুৱা, উপ আৰক্ষী অধীক্ষক কল্পনা দেৱী, লিহয় স্বৰেই(Lihoy shore), আবাসিক চৌহদত পেৰেড কামাণ্ডাৰ প্ৰাঞ্জল ডেউৰীৰ লগতে বিষয়া কৰ্মচাৰী, জোৱান সকলৰ উপৰিও স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰে।

ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ৮ ফেব্ৰুৱাৰীত  ভাতৃত্ববোধৰ সজাগতাৰে বাইক ৰেলি উলিওৱা হয়। ৯ ফেব্ৰুৱাৰীত স্বচ্ছতা অভিযানৰ পাছত স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অসম আৰক্ষী