ডিজিটেল ডেস্কঃ আজি অসম আৰক্ষী দিৱস। উল্লেখ্য যে, ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।
তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে । ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ কে আৰ চৌধুৰীৰ স্মৰণত প্ৰতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয় ।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ৰাইফলচ্ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল।
প্ৰতিবছৰে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ লগতে ৰাজ্যজুৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসক স্মৰণ কৰি উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয় ।