/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f5bcbc4b-43d2-4479-b84d-a63b7aa1683a/goru_sor.jpg)
আটক তিনি সৰবৰাহকাৰী
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ অধিকাংশ এলেকা কাঁইটীয়া তাঁৰৰ বেৰ থকা সত্বেও এই এলেকাৰে প্ৰতিদিনে শ শ গৰু দুষ্টচক্ৰই আৰক্ষী বি এছ এফৰ চকুত ধূলি দি বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে।
উল্লেখ্য যে, সময়ে সময়ে আৰক্ষীয়ে সীমান্তৱৰ্তী এলেকা আৰু বি এছ এফে সীমান্তৰ পৰা দুই-চাৰিটা গৰু জব্দ কৰি দায়িত্ব সামৰা অনুভৱ হয় যদিও গৰুৰ চোৰাং ব্যৱসায় আৰক্ষীয়ে বন্ধ কৰাত এক প্ৰকাৰ বিফল হোৱা যেন অনুমান হয়।
বুধবাৰে বিয়লি প্ৰায় ৩ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী পিপুলবাৰী এলেকাৰ পৰা কালাপানী আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৩ টা গৰু সহ সমসংখ্যক গৰু সৰবৰাহকাৰীক আটক কৰি গ্ৰেপ্তাৰ কৰে।
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা মানকাচৰ হৈ নিশা ভাৰত-বাংলাদেশ সীমান্তৰে গৰু কেইটা সৰবৰাহ কৰিবলৈ অনাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পোম খেদি গৰু কেইটা জব্দ কৰাৰ লগতে ৩ সৰবৰাহকাৰীক আটক কৰা বুলি জানিবলৈ দিয়ে।
ধৃত গৰু সৰবৰাহকাৰী কেইটা ক্ৰমে মানকাচৰ থানা এলেকাৰ ওখৰাবাৰী গাঁৱৰ ছালাম সেখ (৩৫), কুকুৰমাৰা দাসপাৰা গাঁৱৰ কৃষ্ণ পদো দাস (৪৫) আৰু কালাপানী আৰক্ষী চকী এলেকাৰ মইশালডাঙা গাঁৱৰ হাতেৰ আলী (৩০) বুলি চিনাক্ত কৰিছে। সম্প্ৰতি তিনিও জনক কালাপানী আৰক্ষী চকীত জেৰা চলাই সৰবৰাহকাৰী কেইটা গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজনক বৃহস্পতিবাৰে পুৱাৰ ভাগত ফেকামাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ'ব ।
অন্যহাতে অঞ্চলটোৰ একাংশ ৰাইজৰ মনত প্ৰশ্ন হয় যে, দেশ নিৰাপত্তাৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰি আন্তৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ ব্যৱস্থা কৰাৰ লগতে পহৰাৰ বাবে বি এছ এফ নিয়োগ কৰিছে। দেশ নিৰাপত্তাৰ বাবে বি এছ এফে সীমান্তত ২৪ ঘণ্টা টহল দি থাকে। সীমান্তৰ অনিদ্ৰ প্ৰহৰী হিচাপে দায়িত্ব পালন কৰা বি এছ এফ বাহিনী সীমান্তত টহল দি থকা সত্বেও কিদৰে কাঁইটীয়া তাঁৰৰ বেৰৰ সীমান্তৰে বাংলাদেলৈ গৰু সৰবৰাহ হয় সেয়া যেন এক ৰহস্য !
বি এছ এফৰ চকুত ধূলি দি যদি গৰু সৰবৰাহকাৰীয়ে এইদৰে বাংলাদেশলৈ গৰু চালনা কৰিব পাৰে তেন্তে বহি ৰাষ্ট্ৰৰ পৰা দুষ্কৃতিকাৰীয়ে যে অসমলৈ প্ৰবেশ নকৰিব সেয়া কিন্তু নুই কৰিব নোৱাৰে।