/asomiyapratidin/media/media_files/2025/03/04/LfAcsg09s92nnPYidIOD.jpg)
NHMৰ কৰ্মচাৰীৰ কৰ্মবিৰতি
ডিজিটেল ডেস্ক: আজিৰে পৰা ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্য্যসূচীৰে NHMৰ কৰ্মচাৰীয়ে হাতত লৈছে কৰ্মবিৰতি কাৰ্য্যসূচী। চাকৰি নিয়মীয়াকৰণ,সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান আৰু সম কামৰ সম অধিকাৰ প্ৰদান এই তিনিটা মূল দাবীৰে ৰাজ্যৰ ভিন্নপ্ৰান্তত কৰ্মবিৰতি পালন কৰিছে কৰ্মচাৰীসকলে। যাৰবাবে ৰাজ্যজুৰি তিনিদিনলৈ জৰুৰীকালীন সেৱাৰ বাহিৰে বন্ধ হৈ থাকিব সকলো চিকিৎসা সেৱা।
জামুগুৰিহাটত স্বাস্থ্যকৰ্মীসকলে হাতত ল'লে কৰ্মবিৰতি কাৰ্যসূচী৷ উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে জামুগুৰিহাটৰ ধলাইবিলত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা ১২ বজা পৰ্যন্ত হাতে হাতে প্লেকাৰ্ড লৈ কৰে প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি সম কামৰ বিপৰীতে সম দৰমহা আৰু সম মৰ্য্যদা প্ৰদান, কৰ্মচাৰীৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰি কৰ্মবিৰতিৰে অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসুচী ৰূপায়ন কৰে৷ ৬ মাৰ্চলৈকে পৰ্য্যন্ত এই কৰ্মবিৰতি কাৰ্য্যসুচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে কৰ্মচাৰী সকলে৷
NHMৰ স্বাস্থ্যকৰ্মীৰ এই কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ইয়াৰ সংলগ্ন ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসা সেৱা ব্যৱস্থা৷ ভৰ্তি হৈ থকা ৰোগীসকলেও স্বাস্থ্য সেৱা লাভত বিশেষ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷
একেদৰে নগাঁৱৰ কচুৱা মডেল হাস্পতালৰ ঠিকাভিত্তিক চিকিৎসক, কৰ্মচাৰীয়েও পালন কৰে কৰ্মবিৰতি কাৰ্যসূচী। মানকাচৰৰ কুকুৰমাৰাতো স্বাস্থ্যকৰ্মীসকল পুৱাৰে পৰা বহিল আন্দোলনত।
ইফালে চিলাপথাৰতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ। সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰতো আৰম্ভ হ'ল স্বাস্থ্যকৰ্মীৰ তিনিদিনীয়া কৰ্মবিৰতি। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত চিচিবৰগাঁও ব্লকৰ অধীনত কৰ্মৰত শতাধিক স্বাস্থ্যকৰ্মীয়ে চিলাপথাৰ আদৰ্শ স্বাস্থ্য কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা অব্যাহত ৰাখিছে কৰ্মবিৰতি। ফলত এতিয়া অচল পৰিছে স্বাস্থ্যসেৱা। স্বাস্থ্যকৰ্মীৰ কৰ্মবিৰতিৰ বাবে অহাৰ বাটেৰে উভতিছে দূৰ-দূৰণিৰ পৰা অহা ৰোগী। কোলাত পানী কেঁচুৱা লৈও স্বাস্থ্যকৰ্মীয়ে ভাগ লৈছে এই প্ৰতিবাদী কাৰ্যসূচীত।