Advertisment

সৰুপথাৰত অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহৰ আয়োজন

গোলাঘাট জিলাৰ সৰুপথাৰত অহা ৬-৯ ডিচেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম নেপালী সাহিত্য সভাৰ ত্রি-বাৰ্ষিক মহাধিবেশন তথা সোণালী জয়ন্তী সমাপন সমাৰোহ অনুষ্ঠিত হ'ব...

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰৰ পুনেত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, উৰিয়ামঘাট : গোলাঘাট জিলাৰ সৰুপথাৰত অহা ৬-৯ ডিচেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম নেপালী সাহিত্য সভাৰ ত্রি-বাৰ্ষিক মহাধিবেশন তথা সোণালী জয়ন্তী সমাপন সমাৰোহ অনুষ্ঠিত হ'ব। অসম নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ আতিথ্যত লগতে বোকাখাত আৰু কাৰ্বিআংলং জিলা সমিতিৰ সহযোগত সৰুপথাৰ শিৱাজী ৰাই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সোণালী জয়ন্তী সমাপন সমাৰোহ। 

Advertisment

সমাৰোহখনি সফলভাৱে উদযাপন কৰিবলৈ তিলক শৰ্মাক সভাপতি, দিল বাহাদুৰ লিম্বুক কাৰ্যকৰী সভাপতি আৰু ৰাজু শ্ৰেষ্ঠক মুখ্য সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠিত শক্তিশালী উদযাপন সমিতিখনৰ বিষয়ববীয়াসকলে পূৰ্ণ গতিত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। সোণালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনা কাৰ্যালয় উদ্বোধন, প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ উদ্বোধন আৰু অসম নেপালী সাহিত্য সভাৰ অন্তিমখন কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব। 

দ্বিতীয় দিনা স্বচ্ছতা অভিযান, মূল তোৰণ উদ্বোধন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ গছপুলি ৰোপণ, স্বৰ্ণ জয়ন্তী স্মাৰক উন্মোচন, ব্যৱসায়ী বিপনী আৰু গ্ৰন্থ বিপনী উদ্বোধন কৰা হ’ব। ইয়াৰ পাছতে প্ৰথম প্ৰতিনিধি সভা, গোর্খা ঐতিহ্য তাৰেঘৰ উদ্বোধন, আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন অনুষ্ঠিত হ'ব। 

তৃতীয় দিনা ৰাষ্ট্ৰীয় যুৱ সাহিত্যকাৰ সন্মিলন, প্ৰতিনিধি সভাৰ দ্বিতীয় সত্ৰ আৰু দুপৰীয়া প্ৰথম মুকলি সভা অনুষ্ঠিত হ'ব । শেষৰ দিনা পুৱাৰ ভাগত স্বচ্ছতা অভিযানৰ পিছতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মূল মঞ্চ উদ্বোধন আৰু মুকলি সভা অনুষ্ঠিত হ'ব।

মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংসহ কেবাগৰাকী সাংসদ, মন্ত্ৰী বিধায়ক আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহৰ প্ৰতিটো কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে।

গোলাঘাট সাহিত্য সভা