"আহক আমি ঐক‍্যবদ্ধ হৈ চৰকাৰৰ এই বিভাজনবাদী ৰাজনীতি প্ৰতিহত কৰোঁ" : অসম নাগৰিক সন্মিলন

কাৰ্বি আংলঙৰ পৰিস্থিতি ভয়াবহ ! কাৰ্বি আংলঙতে ‘কাৰ্বি গ’ বেক’ ধ্বনি ! কি এক আচৰিত আৰু অস্বাভাৱিক কথা ! এতিয়া, আমাৰ চৌদিশে, চৰকাৰৰ পৃষ্ঠপোষকতাত যিবোৰ ঘটনা ঘটি আছে,তাৰেই পৰিণতি হৈছে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
527

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ শেহতীয়া পৰিৱেশ- পৰিস্থিতি, কাৰ্বি আংলঙত সংঘটিত হোৱা ঘটনা-প্ৰবাহ তথা অসম চৰকাৰৰ ভূমিকা সম্পৰ্কত সৰৱ হৈ উঠিছে 'অসম নাগৰিক সন্মিলন'। ৰাজ্যখনৰ এই সামগ্ৰীক পৰিৱেশ- পৰিস্থিতি সন্দৰ্ভত শুকুৰবাৰে 'অসম নাগৰিক সন্মিলন'ৰ হৈ ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰে কেতবোৰ মন্তব্য কৰে।

সংগঠনটোৰ নেতৃবৃন্দই এনেদৰে উল্লেখ কৰে-

কাৰ্বি আংলঙৰ পৰিস্থিতি ভয়াবহ ! কাৰ্বি আংলঙতে ‘কাৰ্বি গ’ বেক’ ধ্বনি ! কি এক আচৰিত আৰু অস্বাভাৱিক কথা ! এতিয়া, আমাৰ চৌদিশে, চৰকাৰৰ পৃষ্ঠপোষকতাত যিবোৰ ঘটনা ঘটি আছে,তাৰেই পৰিণতি হৈছে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি। 

আমাৰ চকুৰ আগতে মণিপুৰ চাৰখাৰ হৈ গ’ল। এতিয়া মণিপুৰ যেন কাৰ্বিভূমিলৈও সম্প্ৰসাৰিত হ’ব ধৰিছে। দেশ স্বাধীন হোৱাৰ পিছত, ১৯৫১ চনত  মিকিৰ পাহাৰ অঞ্চল সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনলৈ অনাৰ সময়ত, তাত কাৰ্বি আৰু অন্যান্য জনজাতীয় লোকৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ প্ৰায় ৯৬%। বাকী প্ৰায় ৪% লোক আছিল আদিবাসী আৰু খিলঞ্জীয়া অসমীয়াসকল।

আজি ২০২৫ চনত কাৰ্বি আংলঙত কাৰ্বি আৰু অন্যান্য জনজাতীয় লোকৰ সংখ্যা প্ৰায় ৫২% আৰু বাকী ভাৰতৰ বহিৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা প্ৰায় ৪৬/৪৭%। কিন্তু আমি জানো যে ষষ্ঠ অনুসূচী বলবৎ হোৱা অঞ্চল এটাত জনজাতীয় লোক সকলৰ বাহিৰে আন লোক আহি বহিব নোৱাৰে। তেন্তে এই বহিৰাগত সকল আহি কেনেকৈ তাত সোমাল। আৰু সোমোৱাই নহয়, তেওঁলোকে এতিয়া ‘কাৰ্বি গ’ বেক’ ধ্বনি দিব পৰা হ’ল।

এইখিনিতে আমি এটা কথা মনত পেলোৱা উচিত হ’ব। অসমত যে এচ আৰ আনি, মানে ভোটৰ তালিকাৰ বিশেষ সংশোধন কৰিবলৈ গৈ কাইলৈ বাহিৰৰ পৰা অহা মানুহ এজনকো ভোট দিয়াৰ সুযোগ কৰি দিয়া হৈছে, তাৰ পৰিণতি কি হ’বলৈ গৈ আছে অসমীয়াই মন কৰিছেনে? কাৰ্বি ভূমিত এনেকৈ অবৈধভাৱে বাহিৰৰ মানুহ আহি বহিছে। আৰু কি হৈছে যি মাটিত অজনজাতীয় লোক বহিব নোৱাৰে সেই মাটি আজি  আদানী, আম্বানী, হিন্দুজা, গডৰেজ, গ্ৰীণকো, ৰামদেৱ, ৰবিশংকৰৰ দৰে বৃহৎ ব্যৱসায়ী সকলক গতাই দিয়া হৈছে।

কিমান মাটি দিয়া হৈছে? প্ৰায় ১,৫০,০০০ বিঘা। তাৰপিছত কাৰ্বি সকলৰ হাতত কিবা থাকিবগৈ নে? তেওঁলোকৰ জীৱিকা থাকিব নে তেওঁলোকৰ পৰিচয় থাকিব? আজি কাৰ্বি সকলৰ যি অৱস্থা হৈছে কাইলৈ আন সকলোৰে সেই একে অৱস্থা নহ’বগৈনে? এইখন চৰকাৰে আমাৰ সকলোকে বাটৰ ভিকহু কৰিহে এৰিব।

জনগাঁঠনিৰ পৰিৱৰ্তনে অনা কাৰ্বি মানুহৰ আশংকাক অধিক ঘনীভূত কৰিছে ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ বাবে তেওঁলোকে কৰা দাবীৰ প্ৰতি চৰকাৰে লোৱা চৰম অনমনীয় মনোভাৱে। চৰকাৰখনে যোৱা সময়চোৱাত কাৰ্বি আংলঙ আৰু ডিমা হাচাওক প্ৰকৃত স্বায়ত্ত শাসন প্ৰদান কৰি অঞ্চলটোৰ জনজাতীয় লোকৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ সলনি মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বাবে অঞ্চলটোক এ টি এম হিচাপেহে ব্যৱহাৰ কৰি আহিছে।

সাধাৰণ মানুহৰ মাজত চক্ৰান্ত কৰি এনেদৰে বিভাজনৰ সৃষ্টি কৰি চৰকাৰে নিজৰ খোপনিহে মজবুত কৰিব বিচাৰিছে। ৰাইজে এই কথাবোৰ গভীৰভাৱে চিন্তা কৰক। জোৰ পুৰি আমাৰ  হাত পালেহি! এতিয়াও যদি আমি সজাগ, সতৰ্ক নহওঁ আমি নিগমে মৰিম।কিন্তু আমি কোনো পৰিস্থিতিতেই হিংসাশ্ৰয়ী হ’ব নালাগে। হিংসাৰ আশ্ৰয় লোৱা মানেই আন্দোলন দমন কৰিবলৈ চৰকাৰক সুবিধা কৰি দিয়া।  এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে সংগঠিত আৰু ঐক্যবদ্ধ হৈ উত্তৰ ভাৰতীয় আৰু বৃহৎ ব্যৱসায়ীৰ আগ্ৰাসনক বাধা দি চৰকাৰৰ এই বিভাজনবাদী ৰাজনীতি প্ৰতিহত কৰা।

DR HIREN GOHAIN