চিডফাৰ্ম এলেকাৰ ভিতৰত নিৰ্মাণ কৰিছে বৃহৎ গীৰ্জাঘৰ, কৃষি বিভাগৰ কাৰ্যালয়, গুদামঘৰ

নগাই চিডফাৰ্ম এলেকাৰ ভিতৰত নিৰ্মাণ কৰিছে বৃহৎ গীৰ্জাঘৰ,কৃষি বিভাগৰ কাৰ্য্যালয় আৰু গুদামঘৰ। তৈল খেজুৰৰ খেতি কৰাৰ স্বাৰ্থত পকী বেৰা দিয়াৰ বাবে পুতিছে পকীখুঁটা। আশ্বৰ্যকৰ বিষয়টো হ'ল, চিডফাৰ্ম এলকাৰ ভিতৰত বসবাস কৰা প্ৰতিটো পৰিয়াল অসমৰ ভোটাৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসমৰ ভূমিত নগাৰ ৰাস্তা-দলং নিৰ্মাণ

অসমৰ ভূমিত নগাৰ ৰাস্তা-দলং নিৰ্মাণ

ডিজিটেল সংবাদ, মেৰাপানী: অসমৰ প্ৰায় ২০০০ বিঘা উৰ্বৰ কৃষিভূমিত দশক দশক ধৰি চুবুৰীয়া নাগালেণ্ডে অব্যাহত ৰাখিছে বেদখল। ১৯৬৯ চনৰ পৰা তদানীন্তন অসম চৰকাৰৰ ঐতিহাসিক ভুলৰ পৰিণতিত নগাৰ অবৈধ বেদখলৰ কবলত আছে মেৰাপানীৰ ২০০০ বিঘাৰ ছীডফাৰ্ম এলেকা। ফলশ্ৰুতিত নিজা ভূমিতেই আধিয়াৰ পদ্ধতিত নগাক কৰ দি খেতি কৰে স্থানীয় অসমীয়া কৃষকে। কিন্তু এইবাৰ নগাই তৈল খেজুৰৰ খেতি কৰাৰ অজুহাতত অসমীয়া কৃষকক ধানখেতি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে চিডফাৰ্মত। যাক লৈ এতিয়া নাগালেণ্ড চৰকাৰ আৰু নগা প্ৰশাসনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনত নামিছে অসমৰ কৃষক। 

Advertisment

শুকুৰবাৰে সদৌ দৈয়াং কৃষক সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুটাকৈ প্ৰতিনিধি দলে নগা আৰু চিআৰপিএফৰ বাধা উফৰাই চৰজমিন তদন্তৰ বাবে প্ৰবেশ কৰিছিল বিতৰ্কিত ছীডফাৰ্মত। ছীডফাৰ্মখন পৰিদৰ্শন কৰি একপ্ৰকাৰ হতবাক হৈ পৰে কৃষক সন্থাৰ প্ৰতিনিধি দলটো। ছীডফাৰ্মৰ ভূমিত এইবাৰ নগাই সংগোপনে নিৰ্মাণ কৰিলে পকী দলং আৰু পথ। চি আৰ পি এফৰ চকুৰ সন্মূখতেই অসমৰ মাটিত নগাই নিশাৰ ভিতৰতে চলোৱা নিৰ্মাণ কাৰ্যই সচকিত কৰি তোলে অসমীয়া লোকসকলক। 

ইতিমধ্যে নগাই চিডফাৰ্ম এলেকাৰ ভিতৰত নিৰ্মাণ কৰিছে বৃহৎ গীৰ্জাঘৰ,কৃষি বিভাগৰ কাৰ্য্যালয় আৰু গুদামঘৰ। তৈল খেজুৰৰ খেতি কৰাৰ স্বাৰ্থত পকী বেৰা দিয়াৰ বাবে পুতিছে পকীখুঁটা। আশ্বৰ্যকৰ বিষয়টো হ'ল, চিডফাৰ্ম এলকাৰ ভিতৰত বসবাস কৰা প্ৰতিটো পৰিয়াল অসমৰ ভোটাৰ। উল্লেখযোগ্য যে, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত স্থিতাৱস্থা বাহাল থাকিব লাগে চিডফাৰ্মত। অৰ্থাৎ কোনো এখন চৰকাৰে স্থায়ী নিৰ্মাণকাৰ্য্য কৰিব নোৱাৰিব চীডফাৰ্মত। তেনে পৰিপ্ৰেক্ষিতত নগাই ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি চীডফাৰ্মত উন্নয়নমুলক কামকাজেৰে নিজৰ দখললৈ নিব খোজা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে দৈয়াং কৃষক সন্থাই। সন্থাই এই সন্দৰ্ভত অতি শিঘ্ৰেই ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি চীডফাৰ্ম বেদখলমুক্ত কৰি অসমীয়া কৃষকক গতাই দিবলৈ দাবী জনাব সদৌ দৈয়াং কৃষক সন্থাই।

অসম নাগালেণ্ড সংঘাত মেৰাপানী