মেঘালয়লৈ নাযাব ! ৩২ খন অসমৰ বাহন আৱদ্ধ, কৰ্তন কৰা হৈছে ইণ্টাৰনেট...

মেঘালয়লৈ নাযাব ! ৩২ খন অসমৰ বাহন আৱদ্ধ, কৰ্তন কৰা হৈছে ইণ্টাৰনেট
মেঘালয়লৈ নাযাব ! ৩২ খন অসমৰ বাহন আৱদ্ধ, কৰ্তন কৰা হৈছে ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা সংঘাতে মেঘালয়লৈ পৰ্যটনৰ বাবে যোৱা পৰ্যটকৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অসমত পঞ্জীয়নকৃত বহু বাহন মেঘালয়ৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকাৰ লগতে অসমৰ পৰা মেঘালয়ত প্ৰৱেশতো বাধা আৰোপ কৰা হৈছে।

যাৰ বাবে অসম আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ যোৱাত বাধা আৰোপ কৰিছে। ইফালে মঙলবাৰে শ্বিলঙত অসমৰ পৰা যোৱা বাহন জ্বলাই দিয়াৰ খবৰ পোৱা গৈছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা লোককেইজনৰ। ইয়াৰ পিছতে মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ পৰ্যটকসকল আতংকিত হৈ পৰিছে।

জানিব পৰা মতে, মেঘালয়ত অসমৰ এটা শিল্পী দল আৱদ্ধ হৈ আছে। চেৰাপুঞ্জীত আৱদ্ধ হৈ আছে ৭ খনকৈ বাহনকে ধৰি অসমৰ মুঠ ৩২ খন বাহন আৱদ্ধ হৈ আছে। নেহুত আৱদ্ধ হৈ আছে ৩ জন বিদেশী পৰ্যটক। অৱশ্যে নিৰাপত্তাৰ মাজত ৰখা হৈছে এই বাহন কেইখন। ইফালে মেঘালয়ৰ কেইবাখনো জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in