পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক

কেৰেলাত হত্যাৰ বলি হ’ল ডুলু ৰাজবংশী নামৰ যুৱকজন।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

DANGOR KHABAR

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত নৃশংসভাৱে হত্যা কৰা হ'ল অসমৰ যুৱকক।কেৰেলাত হত্যাৰ বলি হ’ল ডুলু ৰাজবংশী নামৰ যুৱকজন। ডুলুৰ ঘৰ তামুলপুৰত বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰে ডুলুক । কেৰেলাৰ কোজিক’ডৰ কৈলান্দি বীচ্চত এই ঘটনা সংঘটিত হয়।

ডুলুক দুই বন্ধুৱে হত্যা কৰি সাগৰত পেলাই দিয়ে মৃতদেহ। ইতিমধ্যে আৰক্ষীৱে আটক কৰিছে হত্যাকাৰী মনোৰঞ্জন আৰু লক্ষ্মীক।উল্লেখ্য যে, ডুলু ৰাজবংশী এটা মাছৰ কোম্পানীত কৰ্মৰত আছিল।

assam murder kerala