অসম কবি সন্মিলনৰ ঢকুৱাখনা-ঘিলামৰা সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
অসম কবি সন্মিলনৰ ঢকুৱাখনা-ঘিলামৰা সমিতি গঠন...

dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ নবীন প্ৰবীণ কাব্য সাধকসকলক সু-সংগঠিত কৰি একেখন মঞ্চত উপৱিষ্ট কৰাত অসম কবি সন্মিলনে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে । অসমীয়া কাব্য সাহিত্য চৰ্চাৰ উৰ্বৰ ভূমি ঢকুৱাখনা মহকুমাৰ কাব্য সাধকসকল সুদীর্ঘ দিন ধৰি এনে এক উমৈহতীয়া মঞ্চৰ সন্ধানত থকাৰ সময়তে দেওবাৰে এই আশা পূৰণ হ'ল ।

Advertisment

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ নবীন প্ৰবীণ কবিসকলক একত্ৰিত কৰি অসম কবি সন্মিলনৰ অন্তৰ্ভুক্তকৰণৰ লগতে সন্মিলনৰ স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ সভা আহ্বান  কৰা হয় । অসম কবি সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনা-ঘিলামৰাৰ গৰিষ্ঠ সংখ্যক কবিৰ অংশগ্ৰহনেৰে দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

ঘিলামৰা সদৰৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে লখিমপুৰ জিলা কবি সন্মিলনৰ সভাপতি বিদ্যা দত্তই । অসম কবি সন্মিলনৰ উপ সভাপতি 'নাট্যকমল' দয়ানন্দ গোস্বামী, লখিমপুৰ জিলা কবি সন্মিলনৰ সম্পাদক তৰুণ চন্দ্ৰ বৰা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক মিনু নেওগ ভৰালী, লখিমপুৰ জিলা সন্মিলনৰ সমন্বয়ক পদ্ম জ্যোতি বৰদলৈ, সোৱনশিৰি শাখাৰ সভাপতি ডম্বৰুধৰ বৰদলৈৰ লগতে প্ৰায় অৰ্ধ শতাধিক কাব্য সাহিত্য সাধক উপস্থিত থাকে।

সভাখনত ঢকুৱাখনা, ঘিলামৰাৰ নবীন প্ৰবীণ কবিসকলক লৈ কবি সন্মিলনৰ এক শাখা সমিতি গঠনৰ পোষকতা কৰা হয় । সেই অনুক্ৰমে সভাত উপস্থিত সাহিত্য কৰ্মীসকলৰ সমৰ্থন সাপেক্ষে কেন্দ্ৰীয় পৰ্যবেশকৰ উপস্থিতিত ৰঞ্জিতা হাজৰিকা চেতিয়াক সভাপতি, প্ৰতিমা বুঢ়াগোহাঁই কাৰ্যকৰী সভাপতি, দুলাল দিহিঙ্গীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ঢকুৱাখনা-ঘিলামৰা শাখা সমিতিখন গঠন কৰা হয় । নব গঠিত সমিতিখনে মহকুমাটোৰ নবীন প্ৰবীণ কাব্য সাধকসকলৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ হকে আত্মনিয়োগ কৰি যাব বুলি সভাত ঐক্যমত পোষণ কৰে।

DHOKUAKHANA