হ'ব পাৰে নিলম্বন! আচাম জেট খ্যাত শিক্ষকৰূপী ইউটিউবাৰ লাবুমণিলৈ কাৰণ দৰ্শোৱাৰ জাননী...

হ'ব পাৰে নিলম্বন! আচাম জেট খ্যাত শিক্ষকৰূপী ইউটিউবাৰ লাবুমণিলৈ কাৰণ দৰ্শোৱাৰ জাননী...

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম তথা সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত অৱশেষত আচাম জেট খ্যাত ইউটিউবাৰ তথা চৰকাৰী শিক্ষক লাবুমণিলৈ প্ৰেৰণ কৰা হৈছে কাৰন দৰ্শোৱাৰ জাননী। বিভাগীয়ভাৱে এই জাননী লাবুমণিলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰিছে। এই কাৰন দৰ্শোৱাৰ জাননীৰ উত্তৰ সঠিক তথা গ্ৰহণযোগ্যতা নাথাকিলে লাবুমণিৰ ওপৰতো নিলম্বনৰ দৰে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

district elementary education officerএ ৩১মে, ২০২৪ত লাবুমণিলৈ প্ৰেৰণ কৰা কাৰন দৰ্শোৱাৰ জাননীত প্ৰশ্ন কৰিছে যে, তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত জুৱাৰ দৰে অবৈধ খেল প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গতিকে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহব তাৰ সুদোত্তৰ ১জুনৰ ভিতৰত প্ৰদান কৰিব লাগে। এনে সমূহ অভিযোগে বিদ্যালয়খন তথা বিভাগটো জবাবদিহি হব লগা হৈছে বুলিও উক্ত কাৰণ দৰ্শোৱা জাননীখনত উল্লেখ আছে।

উল্লেখ কৰা প্ৰয়োজন যে, পাপৰি কলিতাৰ ওপৰত বিভাগীয় ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পাছত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণিৰ আমচঙৰ বিৰুদ্ধেও কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পোষকতা কৰিছে সচেতন মহলে। সামাজিক মাধ্যমত ইতিমধ্যে এক তীব্ৰ গণমতৰ সৃষ্টি হোৱাৰ লগতে সকলোবোৰ প্ৰমাণ থকাৰ পাছতো লাবুমণিৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

ইতিমধ্যে চৰ্চা চলিছে যে, এটা বিশেষ ৰাজনৈতিক চক্ৰৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পাৰ ইমানপৰে হাত সাৰি আছে বুলিও চৰ্চা চলিছে। সেয়া যি কি নহলেও, জুৱাৰ অবাধ প্ৰচাৰ কৰিও বুকু ফিন্দাই থকা ইউটিউবাৰ তথা শিক্ষক লাবুমণিয়ে কাৰন দৰ্শোৱাৰ জাননীৰ উত্তৰ কিদৰে দিয়ে সেয়াহে লক্ষ্যণীয় হ'ব।

হ'ব পাৰে নিলম্বন! আচাম জেট খ্যাত শিক্ষকৰূপী ইউটিউবাৰ লাবুমণিলৈ কাৰণ দৰ্শোৱাৰ জাননী...
মুকলি নসত্ৰ জ্ঞান দীপ্তি যুৱক সংঘৰ সৌজন্যত সাংস্কৃতিক অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in