
ডিজিটেল ডেস্কঃ সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত গুৱাহাটী খানাপাৰা খেলপথাৰত অনুষ্ঠিত হৈছে অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা।
শনিবাৰৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মেলাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে মেলাত ম্যানমাৰ, থাইলেণ্ড, ছৌদি আৰৱ, বাংলাদেশ, ভিয়েটনাম, ঘানা, কেনিয়া আদি দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। একেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্ম সহায়ক গোট, কৃৃষি পাম আদিৰ অংশগ্ৰণেৰে জীপাল হৈ পৰিছে মেলাৰ পৰিৱেশ।
মেলাত আধুনিক কৃষি সঁজুলি, বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰদৰ্শন তথা কৃষি বিভাগৰ বিষয়-ববীয়াৰ বৈঠকো অনুষ্ঠিত হয়। সঞ্চালক তিৰংগ ভাৰতী বৰাই জানিবলৈ দিয়া অনুসৰি সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মক কৃষি আৰু উদ্যান শস্য খণ্ডত আগ্ৰহ বৃদ্ধি কৰা আৰু নতুন প্ৰজন্মই জীৱিকাৰ বাবে কৃষি, উদ্যান শস্যক আকোৱালি ল'বলৈ আকৰ্ষণ বৃদ্ধি কৰা।
উল্লেখ্য যে এই মেলাৰ অন্যতম আকৰ্ষণবিন্দু হৈছে "বনচাই" গছ। যাৰ মূল্য ২ৰ পৰা ৭ লাখ পৰ্যন্ত। আনহাতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ৮ টা প্ৰশিক্ষণ শিবিৰ আয়োজনৰ লগতে ৪১২খন বিপণি, ইন্টাৰনেশ্যচনেল পেভেলিয়ন আৰু ১০ খন বিভিন্ন দেশৰ প্ৰতিনিধি আমন্ত্ৰণ কৰা হৈছে বুলি সঞ্চালক বৰাই জানিবলৈ দিয়ে।
অসম কৃষি বিশ্ববিদ্যালয়ে উলিওৱা প্ৰদৰ্শনীত থলুৱা বিভিন্ন উন্নত প্ৰজাতিৰ ধান প্ৰদৰ্শন কৰে। সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শষ্য মেলা উপলক্ষে বিভিন্ন দৰ্শনাৰ্থীয়ে ভিৰ কৰে।