/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cf15cdf7-a395-4466-a690-a98458256c0e/2.jpg)
ডিজিটেল ডেস্কঃ মক্কাত পদপিষ্ট হৈ অসমৰ ৩গৰাকী হজযাত্রীৰ শোকাৱহ মৃত্যু হৈছে। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনা।
নিহত কেইজন কাছাৰৰ বৰখলাৰ মৌলানা ছফিউদ্দিন, হাইলাকান্দিৰ চান্দপুৰৰ ছালেহা বেগম, বৰপেটাৰ জৰিনা বেগম বুলি জানিব পৰা গৈছে। ছৌদি আৰৱৰ স্থানীয় হাস্পতালৰ মৰ্গত ৰখোৱা হৈছে তিনিওৰে মৃতদেহ।
ইয়াৰোপৰি ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে এই পৰ্যন্ত কমেও ১৯ জন জৰ্ডান আৰু ইৰাণৰ হজযাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।