Advertisment

বাজেটত ডাঙৰ সিদ্ধান্তঃ গ্ৰামাঞ্চলত নতুনকৈ লাইচেঞ্চ পোৱা সকলো সুৰা বিপনী বন্ধ কৰা হ'ব!

অসম চৰকাৰৰ ২০২৫-২৬বিত্তীয় বৰ্ষৰ বাজেটত আবকাৰী বিভাগক লৈও বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে সদনত কয় যে,   আমাৰ চৰকাৰে সমগ্ৰ ৰাজ্যখনতে চুলাই মদৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
ikkk

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ ২০২৫-২৬বিত্তীয় বৰ্ষৰ বাজেটত আবকাৰী বিভাগক লৈও বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে সদনত কয় যে,   আমাৰ চৰকাৰে সমগ্ৰ ৰাজ্যখনতে চুলাই মদৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। বিভাগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৩১ জানুৱাৰী, ২০২৫ লৈ ১৬,৯৫৭ টা আবকাৰী অপৰাধ ধৰা পেলোৱাৰ লগতে ১৯,০৮,৩৮৭ লিটাৰ চুলাই মদ আৰু ১,৬৬,৩১০ লিটাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

Advertisment

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয়-  আমি কেতবোৰ নিৰ্দ্ধাৰিত পৰ্যটক ৰিজৰ্ট, হোটেল আৰু লজৰ বাহিৰে গ্রামাঞ্চলত নতুন আই এম এফ এল 'অন' অনুজ্ঞাপত্র প্রদান বন্ধ কৰাৰ সিন্ধান্ত গ্রহণ কৰিছোঁ। গ্রামাঞ্চলত বৰ্তমানৰ অনুজ্ঞাপত্ৰধাৰীসকলক ৰূপান্তৰ মাচুলৰ সৈতে নিয়ন্ত্রিত পদ্ধতিৰে 'অন' অনুজ্ঞাপত্রক 'অফ' অনুজ্ঞাপত্ৰলৈ ৰূপান্তৰিত কৰাৰ বিকল্প আগবঢ়োৱা হ'ব। এই পদক্ষেপে গাঁৱত অত্যধিক সুৰা সেৱন ৰোধ কৰাত সহায় কৰিব আৰু একে সময়তে জীৱিকাৰ ক্ষেত্রতো হঠাৎ কোনো প্ৰভাৱ নপৰাটো সুনিশ্চিত কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত থকা প্ৰিমিয়াম সুৰাক লৈ কয় যে,  ৰাজ্যৰ বাহিৰৰ পৰা প্রিমিয়াম সুৰা ক্ৰয় কৰিছিল। এই প্রত্যাহ্বানৰ মুখামুখি হ'বলৈ বিমান বন্দৰৰ ভিতৰত থকা সুৰাৰ বিপনীসমূহত আবকাৰী শ্লেব এক যুক্তিসংগত পর্যায়লৈ হ্রাস কৰাৰ বাবে মই প্রস্তাৱ কৰিছোঁ।

বাজেটত লগতে ঘোষণা কৰা হয় যে, বর্তমান দেশত নির্মিত বিদেশী সুৰা (IMFL)ৰ দোকানত দেশীয় সুৰা বিক্ৰীৰো অনুমতি প্রদান কৰা হৈছে। এতিয়া দেশীয় সুৰাৰ দোকানতো উপযুক্ত অনুজ্ঞাপত্ৰৰ জৰিয়তে বিদেশী সুৰা (IMFL) বিক্ৰীৰ অনুমতি প্রদান কৰা হ'ব।

অসম বাজেট