১জুলাইঃ আজি পুনৰ ৯০০কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে...

হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত আকৌ এবাৰ ঋণৰ পাহাৰ দাঙিবলৈ সাজু হৈছে অসম চৰকাৰ। মে’ মাহত ২৬০০ কোটি টকাৰ অভিলেখ ঋণ লোৱাৰ পিছত ১ জুলাইত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল’ব

New Update
ujyjj

ডিজিটেল ডেস্কঃ হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত আকৌ এবাৰ ঋণৰ পাহাৰ দাঙিবলৈ সাজু হৈছে অসম চৰকাৰ। মে’ মাহত ২৬০০ কোটি টকাৰ অভিলেখ ঋণ লোৱাৰ পিছত ১ জুলাইত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল’ব ৯০০ কোটি টকাৰ ঋণ। ইতিমধ্যে এই প্ৰস্তাৱ ৰিজাৰ্ভ বেংকত দাখিল কৰা হৈছে।

Advertisment

সূত্ৰটোৱে জনোৱা মতে, দশকজুৰি চলি থকা চৰকাৰী নিৰাপত্তা নিলামৰ জৰিয়তে এই ঋণ সংগ্ৰহ কৰা হ’ব। এই ধাৰাবাহিক ঋণ লোৱাৰ সিদ্ধান্তই অৰ্থনৈতিক মহলত বিস্ময়ৰ সৃষ্টি কৰিছে। কিয়নো ৰাষ্ট্ৰীয় নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে বাৰে বাৰে অপ্ৰয়োজনীয় ব্যয় কৰ্তনৰ নিৰ্দেশ দিছে।

কিন্তু এই চৰকাৰে প্ৰতিমাহে সংকোচবিহীনভাৱেই লৈ আছে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ। ফলত ৰাজ্যৰ জনসাধাৰণৰ ওপৰত ঋণৰ বোজা অহৰহ বাঢ়ি গৈ আছে। মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ এনে ঋণ গ্ৰহণৰ বাবেই এই মুহূৰ্তত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত বৃদ্ধি পাইছে প্ৰায় ১.৭ লাখ টকাৰ ঋণৰ বোজা। 

যোৱা আঠ বছৰত সূতৰ বোজা ৪২ হাজাৰ কোটি টকাৰো অধিক হৈ পৰিছে। কেৱল ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে সূতত সৰ্বাধিক ৮,৮১৫ কোটি টকা ব্যয় কৰিছিল, যিটোৱে চৰকাৰৰ বাজেট ব্যৱস্থাক লৈ এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

হিমন্ত বিশ্ব শৰ্মা