৩৮ টা চৰকাৰী বন্ধ তাৰে ৭ টা দেওবাৰ, ১ টা চতুৰ্থ শনিবাৰ...

৩৮ টা চৰকাৰী বন্ধ তাৰে ৭ টা দেওবাৰ, ১ টা চতুৰ্থ শনিবাৰ

author-image
Asomiya Pratidin
New Update
৩৮ টা চৰকাৰী বন্ধ তাৰে ৭ টা দেওবাৰ, ১ টা চতুৰ্থ শনিবাৰ...

৩৮ টা চৰকাৰী বন্ধ তাৰে ৭ টা দেওবাৰ, ১ টা চতুৰ্থ শনিবাৰ

ডিজিটেল ডেস্কঃ ২০২৩ ত থাকিব ৩৮ টা চৰকাৰী বন্ধ। অসম চৰকাৰৰ কেবিনেট বৈঠকে এই ৩৮ টা চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনাইছে। লাচিত দিৱসৰ অনুষ্ঠানৰ মাজতে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত এই সম্পৰ্কে চূড়ান্ত কৰা হয় সিদ্ধান্ত।

Advertisment

২০২৩ৰ ৩৮ দিনৰ বন্ধৰ ভিতৰত আছে ৭ টা দেওবাৰ, এটা চতুৰ্থ শনিবাৰ। ইয়াৰোপৰি ২০২৩ চনৰ বাবে ৩০ দিন সীমিত বন্ধ নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলে আকৌ নিজৰ ইচ্ছা অনুসৰি ২ দিনৰ বাবে ল'ব পাৰিব সীমিত বন্ধ।

প্ৰতিখন জিলাই আকৌ এটাকৈ দিন স্থানীয় বন্ধ পালন কৰিব পাৰিব। ২০২৩ ত থাকিব দুটা দিন অৰ্ধ ছুটি।

সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৰ্ভামে স্বাক্ষৰ কৰা ২০২৩ বৰ্ষৰ সম্পূৰ্ণ বন্ধৰ সূচী অনুসৰি জানুৱাৰীৰ বন্ধৰ তালিকাখন হৈছে- ‘১৫, ১৬ (দেও, সোমবাৰ)- মাঘ বিহু, ২৩ (সোমবাৰ) নেতাজীৰ জন্মদিন, ২৪ (মঙলবাৰ)- ব্ৰাথৌ চান, ২৬ (বৃহস্পতিবাৰ)- গণৰাজ্য দিৱস আৰু ৩১ (মঙলবাৰ)- মে দাম মেফি।

ফেব্ৰুৱৰী মাহৰ বন্ধৰ তালিকা অনুসৰি মাত্ৰ এটা দিন থাকিব চৰকাৰী বন্ধ। ৫ ফেব্ৰুৱাৰী দেওবাৰে- বীৰ চিলাৰায় দিৱস। ৭ মাৰ্চ, মঙলবাৰে দৌল যাত্ৰা।

৭ এপ্ৰিল,শুকুৰবাৰে গুড ফ্ৰাইডে, ১৪ আৰু ১৫ এপ্ৰিল, শুকুৰ আকু শনিবাৰে- ব’হাগ বিহু, ২০ এপ্ৰিল, বৃহস্পতিবাৰে দামোদৰ দেৱৰ তিথি, ২১ এপ্ৰিল, শুকুৰবাৰে সতী সাধনী দিৱস, ২২ এপ্ৰিল, শনিবাৰে- ঈদ-উল-ফিটৰ।

১ মে’, সোমবাৰে- মে’ দিৱস, ৫ মে’, শুকুৰবাৰে- বুদ্ধ পূৰ্ণিমা। ৫জুন, সোমবাৰে মাধৱদেৱৰ জন্মোৎসৱ, ২৯ জুন, বৃহস্পতিবাৰে- ঈদ-উল জোহা।

১৫ আগষ্ট, মঙলবাৰে স্বাধীনতা দিৱস, ১৮ আগষ্ট, শুকুৰবাৰে শংকৰদেৱৰ তিথি, ২৭ আগষ্ট, দেওবাৰে- কৰম পূজা। ৪ ছেপ্টেম্বৰ, সোমবাৰে মাধৱদেৱৰ তিৰোভাৱ তিথি, ৬ ছেপ্টেম্বৰ, বুধবাৰে-জন্মোষ্টমী আৰু ২৫ ছেপ্টেম্বৰ, সোমবাৰে শংকৰদেৱৰ জন্মোৎসৱ।

২ অক্টোবৰ, সোমবাৰে মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ, বুধবাৰে কাতি বিহু, ২১, ২২, ২৩ আৰু ২৪ অক্টোবৰ ক্ৰমে শনি, দেও, সোম আৰু মঙলবাৰে দুৰ্গা পূজা-বিজয়া দশমীৰ বাবে বন্ধ থাকিব।

১২ নৱেম্বৰ, দেওবাৰে কালি পূজা, দেৱালী, ১৫ নৱেম্বৰ বুধবাৰে ভাতৃ দ্বিতীয়া, ১৯ নৱেম্বৰ, দেওবাৰে ষঠ পূজা, ২৪ নৱেম্বৰ, শুকুৰবাৰে লাচিত দিৱস আৰু ২৭ নৱেম্বৰ সোমবাৰে গুৰু নানকৰ জন্মদিন।

বছৰটোৰ অন্তিম মাহটোত থাকিব দুদিন চৰকাৰী বন্ধ। সেই ইনুসৰি ২ ডিচেম্বৰ শনিবাৰে অসম দিৱস, ২৫ ডিচেম্বৰ সোমবাৰে বৰদিন৷ ইয়াৰোপৰি ৯ জুলাই শনিবাৰে মহৰম, ২৮ অক্টোবৰ শনিবাৰে লক্ষ্মী পূজাৰ বাবে হ’ব অৰ্ধছুটিৰ দিন৷

ক্লিক কৰি পঢ়কঃ চীন-ভাৰত সম্পৰ্কৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ

অসম চৰকাৰৰ বন্ধৰ তালিকা