২০ জুনত বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত প্ৰদান কৰিব বঁটাসমূহ

ৰাজ্যৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অনৱদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা

ঘোষণা হ'ল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অনৱদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা। সামাজিক মাধ্যমৰ জৰিয়তে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক সকলঃ-

  • বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড০ থানেশ্বৰ শৰ্মালৈ আগবঢ়োৱা হৈছে শ্ৰীশ্ৰী মাধৱদেৱ বঁটা
  • অপাৰেচন সিন্দুৰৰ শ্বহীদ মণিপুৰৰ দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা
  • বিশিষ্ট কবি, সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালিচৰণ ব্ৰহ্ম বঁটা

২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰাপক সকলঃ-

  • বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰ নাথ দাসলৈ বিষ্ণু ৰাভা বঁটা
  • বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, গৱেষক ড০ মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা
  • বিশিষ্ট সত্ৰীয়া সংস্কৃতিক সাধক সোণাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা
  • বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা

উল্লেখযোগ্য যে,  অহা ২০ জুনত নলবাৰীত অনুষ্ঠিত হবলগীয়া বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী