/asomiyapratidin/media/media_files/2025/03/05/FT5Z3NC1AqK07xtFGHZj.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰে মঙলবাৰে ৰাজ্যৰ উন্নয়নত বহু অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি প্ৰয়াত ৰতন টাটাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যৰ কেবিনেটে জাগীৰোডত স্থাপন কৰা ছেমি কণ্ডাক্টৰৰ সমগ্ৰ প্ৰকল্প এলেকাৰ নাম হ'ব 'ৰতন টাটা ইলেক্ট্ৰনিক চিটী।'
ৰতন টাটা আৰু তেওঁৰ কোম্পানী টাটা গ্ৰুপে অসমৰ বিভিন্ন খণ্ডত যথেষ্ট বিনিয়োগ কৰি ৰাজ্যৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নত উত্থান ঘটাইছে। ইলেক্ট্ৰনিক চিটিৰ এই নামকৰণৰ লক্ষ্য কেৱল ৰতন টাটাৰ অৱদানক সন্মান জনোৱাই নহয়, ই অসমক এক বৃহৎ বিনিয়োগ আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।
মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জাগীৰোডৰ কাগজ কলৰ সমগ্ৰ এলেকাটো য'ত এতিয়া নতুনকৈ ইলেক্ট্ৰনিক চিটী বনাই থকা হৈছে, সেই গোটেই চিটীখন ৰতন টাটাৰ নামেৰে হ'ব। এডভাণ্টেজ আছামৰ সফলতাৰ আঁৰত টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিশেষ ভূমিকা আছে।